প্ৰতিসাঁজ খাদ্যতে নেমু টেঙা ৰাখক

0
399

নেমু খালে কি হয়?
নেমু একমাত্ৰ এবিধ টেঙা ফলেই নেকি?
নেমুৰ যথেষ্ট ঔষধি গুণ আছে । নেমুত যথেষ্ট পৰিমাণে ভিটামিন C, ফলিক এচিড, চাইট্ৰিক এচিড, পটেচিয়াম , কেলচিয়াম পোৱা যায় । গৰমৰ দিনত নেমুৰ চৰবত যথেষ্ট উপকাৰী । নেমুৰ লগতে পদিনা পাত আৰু ক’লা নিমখ খালে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী । নেমুৰ ৰসে হজম কৰাত সহায় কৰে আৰু লিভাৰ পৰিষ্কাৰ কৰে ।গৰমত ভাইৰেল জ্বৰ হ’লে সঘনে নেমু চৰবত খালে ভাল হয় । ডায়েৰিয়া হ’লে চেনি পানীৰ লগতে নেমুৰ ৰস অলপ দি খালে ভাল হয় । পেটৰ অসুখ হ’লে নেমু টেঙা খালে ভাল হয় ।নেমু টেঙাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । গোল নেমুৰ গুটি পিহি মৌৰ লগত খালে সৰু ল’ৰা ছোৱালীৰ পেটৰ কামোৰ বা পেটৰ বিষ ভাল হয় । নেমুৰ লগত দৈ মিহলাই ছালত সানিলে ছালৰ উপকাৰ হয়। বমি বমি B হ’লে নেমু টেঙাৰ পাত শুহিলে ভাল হয় । নেমুৰ ৰসে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাত সহায় কৰে । নেমু কৃমিনাশক । নেমু ৰসে অপকাৰী কলেষ্টৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে । নেমু টেঙা শৰীৰৰ বাবে যথেষ্ট উপকাৰী ফল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here