এইবাৰ বজাৰলৈ নতুন মাল্টি মাস্ক

0
1477

২৮ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ ক’ৰোনাৰ সাম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বজুৰি সকলোৰে বাবে মাস্ক এতিয়া এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু ক’ৰোনা সংক্ৰমণত মাস্ক কিমানদূৰ সফল, সেই লৈ মাজে মাজে প্ৰশ্নও উত্থাপিত হৈ আহিছে। মাস্কখন সদায় মুখত পিন্ধি থাকিবলগীয়া হোৱা বাবে পোৱা নানান অসুবিধাৰ হেতু প্ৰায়েই মাস্কৰ ওপৰত খং কৰি মাস্কক অবাইচ মাত মতাও দেখা যায়। ভালদৰে কথা ক’ব নোৱাৰা, এখন ভাল ফ’টো উঠিব নোৱাৰা, পিন্ধি পিন্ধি কাণদুখন বিষাই যোৱা, ছোৱালীৰ লিপষ্টিকখিনি মূল্যহীন হৈ যোৱা আদি অগণন সমস্যাৰ বাবে মাস্কে ৰাষ্টাই-ঘাটে প্ৰায়েই তিৰস্কৃত হৈ আহিছে।

কিন্তু সকলো সমস্যাৰ সমাধানসহ গোৱাৰ ডিজাইনাৰ দীপক পাঠানিয়াই লৈ আহিছে “মাল্টি মাস্ক”। একাধিক আচ্ছাদনপূৰ্ণ আৰু একক পটিযুক্ত এই মাল্টি মাস্ক ফেচশ্বিল্ড সংযুক্তকৰণৰ সুবিধাৰে সম্পূৰ্ণই ক’ৰোনা প্ৰতিৰোধযুক্ত। ইয়াক পানীৰে ধুবও পাৰি। ফ’টো উঠা, অডিও আৰু ভিডিঅ’ ৰেকৰ্ডিং আদিতো মাল্টি মাস্কে বিশেষ সুবিধা প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here