অসমৰ কোৰোনা বাৰ্তা…

0
1799

২৭ আগষ্ট, স্বাস্থ্যবাৰ্তাঃ বিগত ২০১৯ বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত চীনদেশৰ হুৱেই প্ৰদেশৰ য়ুহান চহৰৰ পৰা বিশ্বব্যাপ্ত ক’ৰোনা ভাইৰাচে লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি এক  আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষনা, ল’ক-আউট, ল’কডাউন, জৰুৰীকালীন অৱস্থাৰ ঘোষনাই সমগ্ৰ বিশ্ব যেন স্তব্ধ কৰি পেলাইছে।

দেশৰ লগতে আমাৰ ৰাজ্য অসমতো Track, Test, Treat ফৰ্মূলা প্ৰয়োগ কৰি ক’ৰোনা প্ৰতিৰোধৰ বাবে যঠপৰোনাষ্টি চেষ্টা অব্যাহত ৰখা হৈছে। এই পৰ্যন্ত অসমত ১৭ টা পৰীক্ষাগাৰত প্ৰায় বিশ লক্ষাধিক নমুনা পৰীক্ষা কৰা হৈছে। প্ৰায় ৯৬,০০০ নমুনাৰ ফলাফল প’জিটিভ পোৱা গৈছে। আঢ়ৈশতকৈও অধিক ৰোগী মৃত্যুৰ মুখত পৰিব লগা হৈছে। বহুলোকে ইতিমধ্যে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘুৰি যাব পাৰিছে। তথাপি বৰ্তমানেও ১৯ হেজাৰতকৈও অধিক লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here