প্ৰয়াত অৰ্চনা মহন্তৰ পৰিয়াললৈ অমিত শ্বাহৰ শোক বাৰ্তা

0
2679

২৮  আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ১৭ আগষ্টৰ ৰাতি প্ৰায় ২ বজাত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল। ৫৫ বছৰীয়া বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকী ২ আগষ্টত কৰ’নাত আক্ৰান্ত বুলি ধৰা পৰিছিল। লগে লগে তেওঁক গুৰুগ্ৰামৰ মেডান্ত হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছিল। কিছুদিনৰ মূৰত সুস্থ হোৱাৰ পিছত তেওঁ‌ গৃহ-নিলগীকৰণত আছিল। কিন্তু ভাগৰুৱা অনুভৱ কৰা আৰু তীব্ৰ গাৰ বিষ অনুভৱ কৰা বাবে ততাতৈয়াকৈ তেওঁ‌ক ১৭ আগষ্টৰ মাজৰাতি এইমছ, নতুন দিল্লীত ভৰ্তি কৰোৱা হৈছিল। এইমছ, নতুন দিল্লীৰ সঞ্চালক ৰাজদ্বীপ গুলেৰিয়াই গৃহমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ তত্বাৱধান কৰি বৰ্তমান তেওঁ‌ৰ স্বাস্থ্যৰ অৱস্থা সুস্থ বুলি জানিবলৈ দিছে।

জানিব পৰা মতে কৰ’নাৰ পৰা সুস্থ হৈ উঠাৰ পিছতো মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ৰ পৰাই বিভাগীয় কাম-কাজসমূহ চলাই আছে।

উল্লেখ্য যে দৰদী কণ্ঠৰ অধিকাৰী অসমৰ বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ কালি ঘটা পৰলোকগমনত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহে চিকিৎসালয়ৰ পৰাই শোকবাৰ্তা প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here