এইবাৰ বকপৰা চাহ বাগিচা ৰাজ্যত সক্ৰিয় কিডনী ব্যৱসায়ৰ দালাল চক্ৰ

0
1386
ৰাজ্যখনত কৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যখনত এতিয়া মানৱ দেহৰ অংগৰ ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে মৰিগাঁৱৰ ধৰমতুলৰ কিডনী বিক্ৰীৰ ঘটনা পোহৰলৈ অহাৰ পাছতে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহত এই অবৈধ মানৱ দেহৰ অংগ ব্যৱসায়ীসকল সক্ৰিয় হৈ পৰাটো পোহৰলৈ আহিছে৷ এইবাৰ ডিব্ৰুগড় জিলাৰ বকপৰা চাহ বাগিচাৰ তেৰ নম্বৰ লাইনৰ সমীপৰ পথাৰ চুকৰ অজয় কৰ্মকাৰ নামৰ প্ৰায় ৩৭ বছৰীয়া বিবাহিত যুৱক এজনে আঢ়ৈ বছৰ আগতে একেটা মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰৰ কবলত পৰি কলকাতালৈ গৈ চাৰে তিনি লাখ টকাৰ বিনিময়ত কিডনী বিক্ৰী কৰি থৈ অহা ঘটনা পোহৰলৈ অহাত বাগিচাখনৰ লগতে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

বকপৰা চাহ বাগিচাৰ অজয় কৰ্মকাৰ নামৰ ব্যক্তিজনেও চেংলিজানৰে সেই দালালৰ কবলত পৰি কিডনী বিক্ৰী কৰা বুলি উল্লেখ কৰিছে৷ এইগৰাকী যুৱকে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হ’মলৈ লগৰ এজনৰ লগত গৈ গিৰীণ সোণোৱাল আৰু ভাইটি ওৰফে বিপ্লৱক লগ পাইছিল আৰু তেওঁলোকৰ বিভিন্ন ছলাহী কথাত ভোল গৈ আৰ্থিকভাৱে দুৰ্বল অজয় কৰ্মকাৰ তেওঁলোকৰ জালত পৰে৷ অবৈধ মানৱ দেহৰ অংগ বিক্ৰীৰ সৈতে জড়িত এই দুজন দালালৰ ঘৰ ডিব্ৰুগড়ৰ নালীয়াপুল আৰু পল্টনবজাৰত৷ বৰ্তমান পত্নী আৰু তিনি সন্তানৰ পিতৃ অজয় কৰ্মকাৰ ৰুগীয়া আৰু প্ৰায়ে বিষ হৈ থাকে বুলি প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া কথা যে দালাল দুটাই যিমান পৰিমাণৰ টকাৰ বিনিময়ত কিডনীৰ দৰ-দাম কৰিছিল, তাৰে প্ৰায় এক লাখ টকা দিয়া নাই বুলিও কয়৷ এই ঘটনাৰ সৈতে জড়িত দালাল ভাইটি, গিৰীণকে ধৰি অনুসন্ধান কৰিলে এই ব্যৱসায়ৰ সৈতে জড়িতসকলৰ প্ৰকৃত তথ্য স্পষ্টকৈ ওলাই পৰিব বুলি স্থানীয় ৰাইজে কয়৷ আনহাতে ডিব্ৰুগড়ৰ কোনখন ব্যক্তিগত চিকিৎসালয় এই দালাল চক্ৰ সৈতে জড়িত হৈ আছে, এই সন্দৰ্ভত জিলা প্ৰশাসনে উচিত তদন্ত কৰিলেই প্ৰকৃত ৰহস্য ওলাই পৰিব বুলিও স্থানীয় ৰাইজে মুকলিকৈ মত প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here