ৰাজ্য চৰকাৰৰ যাত্ৰীৰ বাবে নতুন কভিড নিৰ্দেশনা

0
972
ৰাজ্য চৰকাৰে কভিড পৰিস্থিতিৰ বাবে বিমান যাত্ৰী বা ৰে’লযাত্ৰীসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ পূৰ্বতে অসম চৰকাৰে ঘোষণা কৰিছিল যে কভিড ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰাসকলে বিমান বা ৰে’ল যাত্ৰা কৰোঁতে তেওঁলোকক কোনোধৰণৰ কভিড পৰীক্ষা কৰা নহয়৷ কিন্তু ৰাজ্য চৰকাৰে যোৱা ১৬ জুলাইত জাৰি কৰা নতুন কভিড নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা বিমান বা ৰে’ল যাত্ৰা কৰাৰ সময়ত কভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷ আনকি যিয়ে কভিডৰ দুয়োটা ভেক্‌চিন লৈছে, তেওঁলোকৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ’ব৷

আনহাতে কভিডৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে তিনিখন জিলা ক্ৰমে যোৰহাট, গোলাঘাট আৰু বিশ্বনাথত নতুন নিয়ম জাৰি কৰিছে৷ অসম চৰকাৰে ৰাইজৰ সুবিধা হোৱাকৈ কিছু শিথিলতা আনিছে জিলাকেইখনলৈ৷


আনহাতে যোৱা ১৬ জুলাইৰ ৰাতিপুৱা পাঁচ বজাৰ পৰা কভিডৰ এইসমূহ নতুন নিয়ম প্ৰযোজ্য হ’ব তিনিখন জিলা ক্ৰমে যোৰহাট, গোলাঘাট আৰু বিশ্বনাথত৷ নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা যোৰহাট জিলাত দিনৰ ১২ বজালৈকে দোকান-বজাৰ, পাইকাৰী দোকান খোলা থাকিব৷ সকলো ধৰ্মীয় অনুষ্ঠান, স্কুল, কলেজ আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব৷ অত্যাৱশীয় সেৱা, ফাৰ্মাচী, গাখীৰ যোগান, খোৱাপানী, পেট্ৰল পাম্প আদি ২৪ ঘণ্টাই খোলা থাকিব৷ আনহাতে গোলাঘাট জিলাত দিনৰ এক বজালৈকে দোকান-পোহাৰ, শাক-পাচলিৰ দোকান খোলা ৰাখিব পাৰিব৷ ই-কমাৰ্চৰ গুদাম দিনৰ তিনি বজালৈকে খোলা ৰাখিব পাৰিব৷ আনহাতে বিশ্বনাথত কেৱল সাৰৰ দোকানহে খুলিব পাৰিব৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গাখীৰ, ফাৰ্মাচী আদি ২৪ ঘণ্টাই খোলা থাকিব৷ তাৰোপৰি গ্ৰামাঞ্চল ক্ষেত্ৰত পুৱা ৬ বজাৰ পৰা বিয়লি ২ বজালৈ খোলা থাকিব দোকান-পোহাৰ, শাক-পাচলিৰ দোকান আদি৷ পূৰ্বৰ দৰে বাহাল থাকিব পেট্ৰল পাম্প, খোৱাপানীৰ যোগান, গেছৰ যোগান৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত এই তিনিখন জিলাত উক্ত নিয়মসমূহ প্ৰযোজ্য হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here