নিঅ’ক’ভ! কৰ’নাৰ নতুন প্ৰকৰণ

0
303

চীনৰ উহান ইউনিভাৰ্ছিটি আৰু চাইনীজ অকাদেমি অব্‌ ছায়েন্সেজৰ গৱেষকসকলে চলোৱা এটা অধ্যয়ন মতে, দক্ষিণ আফ্ৰিকাত বাদুলিবোৰৰ মাজত বিয়পা নিঅ’ক’ভ (NeoCov) নামৰ এবিধ কৰ’না ভাইৰাছৰ যদি অধিক উৎপৰিৱৰ্তন ঘটে তেন্তে ভৱিষ্যতে মানুহৰ বাবে ভাবুকিৰ সৃষ্টি হ’ব পাৰে৷ অলপতে BioRxiv নামৰ প্ৰিপ্ৰিণ্ট ৰিপ’জিটৰিত প’ষ্ট কৰা অধ্যয়নটোত কোৱা হৈছে যে মিড্‌ল ইষ্ট ৰেছপিৰেটৰি ছিণ্ড্ৰমৰ (এম ই আৰ এছ) সৈতে নিঅ’ক’ভৰ ঘনিষ্ঠ সম্বন্ধ আছে৷ এম ই আৰ এছ ২০১২ চনত প্ৰথমতে ছৌডি আৰবত ধৰা পৰা এটা ভাইৰেল ৰোগ৷ কৰ’না ভাইৰাছবোৰ হ’ল ভাইৰাছবোৰৰ এটা বৃহৎ ফেমিলি, যিবোৰে সাধাৰণ পানী লগাৰ পৰা ছিভিয়েৰ একিউট ৰেছ্‌পিৰেটৰি ছিণ্ড্ৰমলৈকে (এছ এ আৰ এছ) নানান অসুখ-বিসুখৰ সৃষ্টি কৰিব পাৰে৷ চীনৰ উল্লিখিত প্ৰতিষ্ঠান দুটাৰ গৱেষকসকলে মন কৰিছে যে নিঅ’ক’ভ দক্ষিণ আফ্ৰিকাত বাদুলি কিছুমানত পোৱা গৈছে আৰু এতিয়ালৈকে বাদুলিবোৰৰ মাজতে বিয়পি আছে৷ বৰ্তমানৰ ৰূপত মানুহৰ দেহত নিঅ’ক’ভৰ সংক্ৰমণ নহয়, কিন্তু অধিক উৎপৰিৱৰ্তন ঘটিলে ই ক্ষতিকাৰক হ’ব পাৰে বুলি গৱেষকসকলে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here