এইবাৰ তিনিগৰাকীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (Nobel Prize for Physics to three this year)

0
389
এই বৰ্ষৰ পদাৰ্থবিজ্ঞানত নোবেল বঁটা জাপান,জাৰ্মেনি আৰু ইটালিৰ বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে৷ ছিউকুৰো মানাবে আৰু ক্লাউছ হেছেলমেনক তেওঁলোকৰ ‘পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিং, পৰিৱৰ্তনশীলতাৰ মাত্ৰা নিৰ্ধাৰণ আৰু নিৰ্ভৰযোগ্যভাৱে গ্ল’বেল ৱাৰ্মিঙৰ আগজাননী’ শীৰ্ষক কৃতিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে৷ 

বঁটাৰ দ্বিতীয় ভাগ আগবঢ়োৱা হৈছে ৭৩ বছৰীয়া জিয়’ৰ্জিয়’ পেৰিছিলৈ ৷ ‘পাৰমাণৱিকৰ পৰা গ্ৰহসমন্ধীয় মাপকাঠীলৈ ভৌতিক প্ৰণালীত বিকাৰ আৰু বঢ়া-টুটাৰ পৰস্পৰ ক্ৰিয়াৰ আৱিষ্কাৰ’ সমন্ধীয় কৰ্মৰ বাবে পেৰিছিলৈ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ ৰয়েল ছুইডিছ অকাডেমি অব্‌ ছায়েঞ্চেজৰ সচিব প্ৰধান গোৰেন হেঞ্চছনে বিজেতাসকলৰ নাম ঘোষণা কৰে৷ এই সন্মানীয় বঁটাত আছে এটা সোণৰ পদক আৰু ১.১৪ মিলিয়ন আমেৰিকান ডলাৰৰো অধিক ধন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here