বিষণ্ণতাৰ চিকাৰ সন্দৰ্ভত ইউনিচেফৰ প্ৰতিবেদনে কি ক’লে ? What did the UNICEF report say regarding victims of depression?

0
636

বিষণ্ণতাৰ চিকাৰ সন্দৰ্ভত UNICEF-ৰ এক প্ৰতিবেদনত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ মূলতঃ কৰ’না মহামাৰীয়ে দেশত যুৱ প্ৰজন্মৰ লগতে কৰ’নাত আক্ৰান্ত ব্যক্তি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ ইউনিচেফৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় ‘The State of the World’s Children 2021′ শীৰ্ষক এক প্ৰতিবেদন মতে দেশৰ ১৫-২৪ বছৰৰ ভিতৰত প্ৰতি সাতজনৰ এজন বিষণ্ণতাৰ চিকাৰ হৈছে৷ প্ৰতিবেদনখনে উল্লেখ কৰা মতে কৰ’না একমাত্ৰ মহামাৰীৰ বাবেই দেশৰ ১৪ শতাংশ যুৱক-যুৱতীয়ে বিষণ্ণতাৰ বলি হৈছে৷ UNICEF-ৰ আন এক সমীক্ষা মতে বিশ্বৰ ২১ খন দেশত চলোৱা অধ্যয়নত প্ৰকাশিত তথ্য অনুযায়ী সমগ্ৰ বিশ্বৰ মাত্ৰ ৪১ শতাংশ কিশোৰ-কিশোৰীয়ে মানসিক স্বাস্থ্যৰ চিকিৎসাৰ চিকিৎসা গ্ৰহণ কৰে তথা চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here