ছালৰ বাবে বৰফৰ ব্যৱহাৰ কিমান উপযোগী ? How good is ice for the skin?

0
408

পাতল আৰু মিহি বা মসৃণ কাপোৰেৰে বৰফ লৈ ধীৰভাৱে মুখ আৰু চকুৰ চাৰিওফালে মালিচ কৰাকে ক’ল্ড থেৰাপি (Cold therapy) বোলে৷
বৰফৰ ভুল ব্যৱহাৰ তথা প্ৰয়োগৰ ফলত ছালখন হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে৷
ছাল ভালে ৰাখিবলৈ বহুদিন ধৰি বৰফৰ ব্যৱহাৰ কৰি থাকিলে নানা সমস্যাই দেখা দিব পাৰে৷
বিশেষজ্ঞৰ মতে বৰফে ছালক সংকুচিত কৰে আৰু ছালখন দেখাত টান টান লগা হয়৷ বৰফে ছালৰ বিন্ধাসমূহ স্থায়ীভাৱে সংকুচিত কৰাৰ ফলত ছালখন নষ্ট হ’ব পাৰে৷

I Tried an Ice Facial at Home, Here's What Happened | Real Simple


বৰফে চকুৰ চাৰিওফালেও সংকুচিত কৰে৷ ফলত ক’লা দাগ হোৱাৰ সম্ভাৱনা বাঢ়ে৷
সকলোধৰণৰ ছালত বৰফ ব্যৱহাৰ কৰা উপযুক্ত নহয়৷ খুব বেছি শুকান ছাল বা সংবেদনশীল ছালৰ ক্ষেত্ৰত বৰফ ভাল৷ বহুতেই আকৌ শালমইনাৰ ওপৰত বৰফ ব্যৱহাৰ কৰে৷ ইয়াৰ ফলত ব্ৰুণৰ প্ৰদান তথা সক্ৰিয়তা বাঢ়ে৷
বিশেষজ্ঞৰ মতে সপ্তাহত মাত্ৰ এবাৰ ছালত বৰফ ব্যৱহাৰ কৰিলে চকুৰ, সতেজ মুখমণ্ডল বা ছালৰ প্ৰাণৱন্ত ভাব বাঢ়ি যায়৷
নিৰ্দিষ্ট মাত্ৰাত ব্যৱহাৰ কৰিলে বৰফে চকুৰ ক’লা ভাব কমোৱাত সহায় কৰে৷
মুখত ব্যৱহাৰ কৰিবলৈ বৰফ অন্য পাত্ৰত সুকীয়াকৈ ৰাখক৷ কিয়নো এইদৰে বৰফ ৰাখিলে বীজাণমুক্ত হৈ থাকে৷
ছালত বৰফ ব্যৱহাৰ কৰোঁতে জোৰ কৰি ঘঁহিব নালাগে৷ এনে কৰিলে বৰফে ছালখনৰ অনিষ্টহে কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here