এইকেইটা ৰোগত আমলখি খাওক আৰু যাদু চাওক

0
1530
আমলখি এবিধ ঔষধি গুণবিশিষ্ট ফল বুলিতো সকলোৱে জানে৷ পিছে আমলখিত যে মধুৰিআমতকৈ দহগুণ আৰু কাজি নেমুতকৈ তিনিগুণ বেছি ভিটামিন-C আছে, এই কথা আপুনি জানেনে? গতিকে নিয়মিত আমলখি খালে কেনেধৰণৰ উপকাৰ পাব পাৰি, এই বিষয়ে জানো আহক৷

[১] উচ্ছ ৰক্তচাপৰ কাৰণে আমলখি মিচিৰিৰ সৈতে খাব লাগে৷
[২] আমলখিৰ ৰস মৌৰ লগত ৰাতিপুৱা খালে দৃষ্টিশক্তি বৃদ্ধি হয়৷
[৩]
শিশুক আমলখিৰ ৰস নিয়মীয়াকৈ খুৱালে পয়ালগা ৰোগ নহয়৷

हकीमों के चक्कर में ना पड़े, इन देशी नुस्खों से बढ़ाएं यौन शक्ति | Top 10 Ayurveda herbs to increase male sexual strength - Hindi Boldsky


[8] প্ৰতিদিনে চাৰি-পাঁচটা আমলখি নিয়মিত খালে শৰীৰৰ খহটা ছাল নিমজ হয়৷
[৫] মুখৰ ৰুচি বৃদ্ধি আৰু সোৱাদ বঢ়াবৰ বাবে আমলখিৰ গুৰি আৰু মৌ মিহলাই খাব লাগে৷
[৬] এগিলাচ গাখীৰ বা পানীৰ সৈতে আমলখিৰ গুড়ি আৰু সামান্য চেনি মিহলাই খালে এচিডিটিৰ সমস্যা দূৰ হয়৷
[৭] আমলখিৰ গুড়িৰ লগত মৌজোল মিহলি কৰি খালে প্ৰস্ৰাৱৰ সমস্যা নিৰাময় হয়৷

Amla and Honey Together are Amazing For Overall Health


[৮] প্ৰস্ৰাৱত যদি তেজ পৰে, তেন্তে আমলখিৰ ৰসত কুঁহিয়াৰৰ ৰস মিহলি কৰি তাত অলপ মৌ দি খালে তেজ পৰা বন্ধ হয়৷
[৯] যিসকল লোক অতিপাত শকত, তেওঁলোকে দিনত চাৰিটাকৈ আমলখি খোৱা উচিত৷

This is the secret of looking 20-something even at the late '30s. - Dr. Brahmanand Nayak


[১০] আমলখিৰ ৰসৰ লগত ক’লা জিৰা পিহি মিচিৰিৰ লগত খুৱালে সৰু ল’ৰা-ছোৱালীৰ বিছনাত প্ৰস্ৰাৱ হোৱা বন্ধ হয়৷
গতিকে এনে এবিধ ঔষধিসম্পন্ন আমলখি দৈনিক এটাকৈ সেৱন কৰি শৰীৰ সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here