নুনী বা মালবেৰী [Mulberry]ৰ উপকাৰিতা কি?

0
1237
নুনী বা মালবেৰী এবিধ প্ৰাকৃতিকভাৱে উৎপাদিত ফলজাতীয় খাদ্যশস্য৷ এইবিধ ফল বিভিন্ন পুষ্টি আৰু এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ৷ নুনী আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷ ইয়াৰ স্বাস্থ্যসন্মত গুণবোৰৰ বিষয়ে জানো আহক৷

[১] মালবেৰীয়ে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে৷ ইয়াত থকা পলিফেনল আৰু ফ্লেভেনয়ড যৌগই কৰ্কট কোষ ধবংস কৰাত সহায় কৰে৷
[২] মালবেৰীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ সেয়ে মালবেৰীয়ে ছাল আৰু চুলিৰ সৌন্দৰ্য বৰ্তাই ৰখাত মুখ্য ভূমিকা পালন কৰে৷ শুষ্ক, সংবেদনশীল ছালৰ বাবে নুনী আশীৰ্বাদস্বৰূপ৷
[৩] মালবেৰী হাড়, হৃদযন্ত্ৰ, চকু আদি অংগসমূহৰ সক্ৰিয়তাৰ বাবে যথেষ্ট উপকাৰী৷

mulberry | Description, Uses, & Major Species | Britannica


[৪] হজম শক্তি বৃদ্ধি কৰাত মালবেৰীয়ে সহায় কৰে৷ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবলৈ এইবিধ ফল খাওক৷ ই বৰ্ধিত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷
[৫] মালবেৰীত জিংক আৰু মেংগানিজ পোৱা যায়৷ সেয়ে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷
[৬] মালবেৰীত Cyanidin 3glucoside নামৰ এবিধ উপাদান থাকে বাবে শৰীৰৰ তেজ বিশুদ্ধ কৰা আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে৷

সেয়েহে আমাৰ ঘৰৰ বাৰী, বাগিচাত এইবিধ উপকাৰী ফলজাতীয় শস্যৰ খেতি কৰি নিতৌ সেৱন কৰি আমাৰ শৰীৰ সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here