মহাকাশত বিজ্ঞানীয়ে পালে নতুন অণুৰ সন্ধান

0
32

সম্প্ৰতি মহাকাশত নতুন এক অণুৰ সন্ধান পাইছে বিজ্ঞানীয়ে৷ মেছাচুচেটছ ইনষ্টিটিউট অব টেকনলজিৰ অধ্যাপক ব্ৰেট মেকণ্ডৱাৰৰ নেতৃত্বত গৱেষকে মহাকাশত এনে এটা নতুন অণুৰ সন্ধান পালে, যি আমি মহাবিশ্বক জনাৰ বাবে মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷ উক্ত গৱেষণাটো প্ৰকাশ পাইছে বিজ্ঞান ভিত্তিক জাৰ্নাল এষ্টে˜াফিজিকেল জাৰ্নাল লেটাৰ্ছত৷ য’ত ২ মেথোক্সিথানল নামৰ এক জটিল অণু সম্পৰ্কে তথ্য উঠিছে আৰু ইয়াৰ আন এক সন্ধান পাইছে এনে অঞ্চলত, য’ত মূলতঃ ইয়াৰ উৎপত্তি ঘটি থাকে৷ মহাকাশৰ অজানা কিছুমান নতুন সন্ধানৰ বাবে অধ্যাপক মেকণ্ডাৱাৰৰ গৱেষকৰ দলটোৱে নক্ষত্ৰ, গ্ৰহৰ গঠনৰ কাৰণে নিৰ্ধাৰিত মহাকাশ অঞ্চলৰ অণু চিহ্নিত কৰাৰ ওপৰত মনোযোগ দিছে৷ এই গৱেষণাত ঘূৰ্ণন বৰ্ণালী বা বিভিন্ন অণুৰ ঘূৰ্ণনৰ পৰা নিৰ্গত বিশেষ ধৰণৰ পোহৰৰ নমুনা পৰীক্ষা কৰি গৱেষকৰ দলটোৱে মহাজাগতিক বস্তুটোৰ আণৱিক পদচিহ্ন বা বাৰকোড চিনাক্ত কৰিব পাৰিব বুলি বিজ্ঞানভিত্তিক ছাইট নোৰিজৰ প্ৰতিবেদনত৷ এই নতুন অণুৰ সন্ধান পোৱাৰ পাছত গৱেষকে প্ৰথমে পৰীক্ষাগাৰত ইয়াৰ বৰ্ণালী পৰীক্ষা কৰি ইয়াত কিধৰণৰ অণু থাকিব পাৰে তাৰ চেষ্টা চলাই থকা হৈছে৷ ইয়াৰ পাছত গৱেষকে শক্তিশালী টেলিস্কোপ ব্যৱহাৰ কৰি মহাকাশত এইবোৰ পেটাৰ্ন লৈ খোজ পেলাবলৈ আৰম্ভ কৰিব৷ সম্ভাব্য লক্ষ্যবস্তু নিৰ্ভুলভাৱে চিহ্নিত কৰিবলৈ এই পদ্ধতি বেছ কাৰ্যকৰী হ’ব, বিশেষকৈ মেচিন লাৰ্নিং কৌশলৰ সহায়ত৷ এই যুগান্তকাৰী অনুসন্ধানত গৱেষকৰ দলটোৱে ২ মেথোক্সিথানলক লক্ষ্যবস্তু তৈয়াৰ কৰিব, যি ইয়াৰ আগতে মহাকাশত চিহ্নিত যিকোনো মেথক্সি শ্ৰেণীৰ অণুতকৈও জটিল৷ গৱেষকৰ দলটোৰ এই কঠোৰ পৰিশ্ৰমৰ সুফলো পাইছে, যি ঠাইত তৰা গঠনকাৰী অঞ্চল এনজিচি ৬৩৩৩৪১ ত ২ মেথোক্সিথানলৰ ২৫ টা ঘূৰ্ণন ৰেখা চিনাক্ত কৰি এই অণুৰ উপস্থিতি নিশ্চিত কৰিছে৷ এই অঞ্চলটো মূলতঃ বিভিন্ন নতুন তৰাৰ নাৰ্ছাৰী, য’ত এই ধৰণৰ গৱেষণাৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ৷ এইধৰণৰ এটা জটিল অণুৰ সন্ধানৰ পৰা মহাকাশত বিভিন্ন বস্তুৰ আণৱিক জটিলতা সম্পৰ্কে নতুন তথ্যৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে, যাৰ জৰিয়তে নক্ষত্ৰ গঠনৰ ৰসায়ন সম্পৰ্কেও তথ্য পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here