গৰমৰ দিনত টেংকিৰ পানী ঠাণ্ডা কৰি ৰখাৰ উপায়

0
29

প্ৰখৰ ৰ’দত ছাদৰ ওপৰত থকা পানীৰ টেংকিবোৰৰ পানী ১০০ ডিগ্ৰী ছেলচিয়াছৰ তাপমানত গৰম হোৱাৰ দৰে হৈ থাকে৷ যি পানীৰে মুখ-হাত ধুবলৈ অসহ্যকৰ হয়, গা লগাব নোৱাৰা হৈ, গা পুৰি যায়৷ গৰমৰ দিনত ছাদৰ টেংকিৰ পানীৰে গা ধুলে জুইৰে গা ধোৱা যেন লাগে৷ গতিকে কি উপায়েৰে গৰমৰ দিনকেইটা টেংকিৰ পানী ঠাণ্ডা কৰিব ৰাখিব জানো আহক৷ ঘৰৰ ছাদত থকা টেংকি পানী ঠাণ্ডা কৰি ৰাখিবলৈ মৰাপাটৰ বস্তা ব্যৱহাৰ কৰিব পাৰে৷ ৪-৫টা মৰাপাটৰ বস্তা সংগ্ৰহ কৰি সেইকেইটা বস্তা ভালদৰে পানীৰে তিয়াই লৈ টেংকিটো বাহিৰৰ পৰা ভালদৰে ঢাকি দিয়ক৷ দেখিব টেংকিৰ ভিতৰত থকা পানীখিনি ঠাণ্ডা হৈ আছে৷ গৰম কালত টেংকিৰ পানী গৰম হৈ যোৱা অন্যতম কাৰণ হ’ল যি পাইপেৰে পানী টেংকিৰ ভিতৰলৈ আহে সেই পাইপডাল সোনকালে গৰম হৈ যায়৷ সেয়ে সূৰ্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ সেই পাইপডালো ভিজা কাপোৰেৰে ঢাকি ৰাখক৷ বিশেষজ্ঞই কোৱা মতে গৰমৰ দিনত বগা ৰঙৰ কাপোৰ পিন্ধিলে গৰম কমকৈ লাগে৷ সেই ফৰ্মূলা মানি চলি পানী ৰাখিবলৈ বগা ৰঙৰ পানী ব্যৱহাৰ কৰক৷ দেখিব পানী ঠাণ্ডা হৈ আছে৷ অথবা উৎকট গৰমত পানী ঠাণ্ডা কৰি ৰাখিবলৈ টেংকিৰ গাত চূণ আৰু মাটিৰ প্ৰলেপো লগাই দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here