উৎকট গৰমে দহিছে ৰাজ্যবাসীক

0
257

উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত গোলকীয় উষ্ণতাৰ বিৰূপ প্ৰভাৱ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো পৰিছে৷ গৰমৰ পৰা হাত সাৰিবলৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱেই শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমু চৰবত, তেঁতেলী টেঙা আদিৰ বিপণীত ভিৰ কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে চলিত মাহৰ আৰম্ভণিতে উষ্ণতাই অভিলেখ সৃষ্টি কৰিছে৷ 
বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫ জুলাইত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৭.৮ ডিগ্ৰী চেলছিয়াছ৷ জুলাই মাহত ৰেকৰ্ড হোৱা এয়া হৈছে তৃতীয় সৰ্বোচ্চ  তাপমাত্ৰা৷ ইয়াৰ পূৰ্বে ২০১৭ বৰ্ষৰ ১৮ জুলাইত উষ্ণতা সৰ্বোচ্চ  ৩৮.৪ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল৷ সেইদৰে ২০১৮ বৰ্ষৰ ২০ জুলাইত উষ্ণতা আছিল সৰ্বোচ্চ ৩৮ ডিগ্ৰী চেলছিয়াছ৷ 
ৰাজ্য তথা মহানগৰত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবেই ক্ৰমান্বয়ে তাপমাত্ৰা বৃদ্ধি পাইছে৷ যাৰ বাবে বিশেষকৈ মহানগৰবাসীয়ে সমস্যাত দিন পাৰ কৰিবলগীয়া হৈছে৷ মানুহৰ প্ৰয়োজনীয়তা বৃদ্ধিৰ লগে লগে মহানগৰত বহুতো লোকে পাহাৰ-ভৈয়ামৰ গছ-গছনি কাটি তহিলং কৰি অট্টালিকা সজাত ব্যস্ত হৈ পৰিছে৷ লগতে বৰ্ধিত যান-বাহনৰ সংখ্যাই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে৷ 
মহানগৰৰ চৌদিশে এতিয়া গছ-গছনিৰ পৰিৱৰ্তে কেৱল সুউচ্চ অট্টালিকাহে দেখা যায়৷ যাৰ বাবে মহানগৰত দিনক দিনে তাপমাত্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে৷ আনহাতে গৰমৰ মাত্ৰা বৃদ্ধিৰ লগে লগেই সঘনাই বিদ্যুৎ কৰ্তনৰ ফলত মহানগৰৰ নাগৰিকে দুৰ্ভোগ ভুগিব লগা হৈছে৷ 
উল্লেখ্য যে গুৱাহাটীখনক সেউজীয়াকৰণৰ বাবে বন বিভাগে ভিন্ন আঁচনি লৈছে যদিও আজিলৈকে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই৷ পৰিৱৰ্তে মহানগৰৰ পথৰ মাজত আৰু কাষত থকা গছবোৰ কাটি তহিলং কৰাহে দেখা গৈছে৷ 
সেয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰি তাপমাত্ৰা হ্ৰাস কৰাত বিশেষ ভূমিকা পালন কৰে, সেইটোহে লক্ষণীয় হ’ব৷ এইদৰে পাৰাস্তম্ভৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাই থাকিলে অনাগত দিনত মানুহে বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ জ্বৰ-কাহ, গ্ৰহণী আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ সেয়েহে অত্যন্ত লাগতিয়াল কাম নাথাকিলে প্ৰখৰ ৰ’দৰ ঘৰ থকাটোৱে বাঞ্ছনীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here