দাঁতৰ হালধীয়া দাগ কি উপায়েৰে নোহোৱা কৰিব?

0
257

খাদ্যবস্তু ভালদৰে চোবোৱাই হৈছে দাঁতৰ প্ৰধান কাম৷ দাঁত দুপাৰিয়ে আমাৰ মুখৰ সৌন্দৰ্য বৰ্ধনত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ সকলোৱে দুই নিৰ্দিষ্ট সময়ত দাঁত মাজে৷ পুৱা শুই উঠি আৰু ৰাতি শোৱাৰ সময়ত দাঁত পৰিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী৷ ইয়াৰ অন্যথা খোৱা খাদ্য দাঁতৰ মাজৰ ৰৈ গ’লে দাঁতৰ বিভিন্ন সমস্যা হ’ব পাৰে৷ এইদৰে বিভিন্ন খাদ্যবস্তু গ্ৰহণ কৰাৰ ফলত দাঁতৰ ৰং হালধীয়া হৈ পৰে৷ এই হালধীয়া আৱৰণ সহজে দূৰ কৰা কঠিন৷ দন্ত চিকিৎসকৰ ওচৰলৈ গৈ স্কেলিং কৰি ৰাসায়নিক পদ্ধতিৰে এই দাগ আঁতৰ কৰি পাৰি যদিও এটা স্থায়ী সমাধান নহয়৷ ঘৰুৱা উপায়েৰে দাঁতৰ এই হালধীয়া দাগ সহজে কিদৰে নোহোৱা কৰিব পাৰি জানো আহক৷
ছাল বা চুলিৰ বাবে আপেল চিডাৰ ভিনেগাৰ উপকাৰী৷ কিন্তু দাঁতৰ সমস্যাৰ বাবে আপেল চিডাৰ ভিনেগাৰ যে আৱশ্যক সেই কথা বহুতেই নাজানে৷ ২০০ মিঃলিঃ পানীত আপেল চিডাৰ ভিনেগাৰ মিহলাই এটা মাউথৱাছ প্ৰস্তুত কৰি লওক৷ এই মাউথৱাছেৰে ৩০ ছেকেণ্ডমান মুখত লৈ কুলুকুলি কৰিব৷ এইদৰে কৰাৰ ফলত দাঁত পৰিষ্কাৰ হোৱাৰ লগতে দাঁতৰ হালধীয়া দাঁত নোহোৱা হ’ব৷
কল, নেমু বা কমলা টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে৷ এইধৰণৰ ফলেৰে দাঁত ঘঁহিলে দাঁতৰ হালধীয়া ৰং নাইকিয়া হয়৷ ভিটামিন-চিৰ উপৰি এইবোৰত লিমোনিন নামৰ এক যৌগ পোৱা যায়, যিয়ে দাঁত পৰিষ্কাৰ আৰু চিকচিকীয়া কৰাত সহায় কৰে৷
অলপ নাৰিকলৰ তেল আঙুলিৰ লৈ হালধীয়া পৰা দাঁত ভালদৰে মাজি দিব৷ কেইমিনিটমান এইদৰে মাজাৰ পাছত মুখখন ভালদৰে পানীৰে ধুই দিব৷ এইদৰে কৰিলে দাঁত স্বাস্থ্য ভালে থাকে৷ ইয়াৰ বাহিৰেও দাঁত চকচকীয়া হোৱাৰ লগতে দাঁতৰ দাগ নোহোৱা হয়৷ এই পদ্ধতিক অইল পুলিং পদ্ধতি বোলা হয়৷
বেকিং ছডা দাঁত পৰিষ্কাৰ কৰাৰ বাবে যথেষ্ট নিৰাপদ৷ পৰিষ্কাৰ দাঁতৰ পৰা হালধীয়া হোৱা দাঁতৰ দাগ নিৰাময়ৰ বাবে বেকিং ছডা কাৰ্যকৰী৷ ইয়াৰ উপৰি দাঁতৰ কোণৰ জমা হোৱা জীৱাণু নাশ কৰিবলৈ বেকিং ছডা অত্যন্ত উপযোগী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here