৩১ জুলাইৰ ভিতৰত সকলোকে বুষ্টাৰ ড’জ প্ৰদানৰ লক্ষ্য

0
731

ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ জুলাইৰ ভিতৰত সকলো লোককে ক’ভিড ভেক্‌চিনৰ সতৰ্কতামূলক পালি অথাৰ্ৎ বুষ্টাৰ ড’জ প্ৰদানৰ লক্ষ্য হাতত লৈছে ৰাজ্য চৰকাৰখনে৷ এই সন্দৰ্ভত যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ বাবে প্ৰতিখন জিলাকে স্বাস্থ্য বিভাগে নিৰ্দেশ দিছে৷ শেহতীয়াকৈ ৰাজ্যখনত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ 
১২ জুলাইত ৰাজ্যখনত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে মুঠ ৩৪৪জন লোক৷ ইয়াকে ধৰি ৰাজ্যখনত কভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৮৫৮জন৷ এতিয়া সংক্ৰমণৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ১১.৫৮ শতাংশ৷ 
সকলোতকৈ অধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত৷ এনে অৱস্থাত স্বাস্থ্য বিভাগে পৰিস্থিতিৰ অৱনতি ঘটাৰ পূৰ্বেই সকলো লোকেই যাতে ক’ভিডৰ তৃতীয় পালি ভেক্‌চিন লাভ কৰে, সেই ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিছে৷ 
শেহতীয়াকৈ বুষ্টাৰ ড’জ ভেক্‌চিন লোৱাৰ সময়সীমাও হ্ৰাস কৰা হৈছে৷ পূৰ্বতে দ্বিতীয় পালি ভেক্‌চিন লোৱাৰ ৯ মাহৰ পাছতহে বুষ্টাৰ ড’জ দিয়া হৈছিল যদিও এতিয়া দ্বিতীয় পালি লোৱাৰ ছয় মাহৰ পাছতে বুষ্টাৰ ড’জ দিয়াৰ নিৰ্দেশ দিয়া হৈছে৷ স্বাস্থ্য বিভাগৰ এটা সূত্ৰৰ মতে, যিহেতু ৰাজ্যৰ প্ৰায় সকলো লোকেই ইতিমধ্যে ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় পালি ভেক্‌চিন লাভ কৰিছে, সেয়েহে এইবাৰ ক’ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰা নাই৷ 
ইফালে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত এতিয়ালৈকে ক’ভিডৰ প্ৰথম পালি ভেক্‌চিন লোৱা লোকৰ সংখ্যা হৈছে ২,৪৫,৭৯,৭৭৮ গৰাকী আৰু দ্বিতীয় পালি ভেক্‌চিন লোৱা লোকৰ সংখ্যা হৈছে ২,১৪,৭৬,৭৩৮ গৰাকী৷ আনহাতে বুষ্টাৰ ড’জ লোৱা লোকৰ সংখ্যা হৈছে মাত্ৰ ৮,০৮,৪৭৩ গৰাকীহে৷ সেয়েহে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩১ জুলাইৰ ভিতৰত সকলো লোককে ক’ভিড ভেক্‌চিনৰ বুষ্টাৰ ড’জ প্ৰদানৰ সময়সীমা নিৰ্ধাৰণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here