উল্কাপিণ্ডই দিব পাৰে জীৱৰ উৎপত্তিৰ নতুন সন্ধান !

0
149

সাত বছৰৰ আগতে অসমৰ গোলাঘাট জিলাৰ কমাৰগাঁৱত এটা উল্কাপিণ্ড পৰিছিল৷ প্ৰচণ্ড গতিত পৃথিৱীৰ ঘন বায়ুমণ্ডলত প্ৰৱেশ কৰা সত্ত্বেও মহাকাশৰ শিল টুকুৰা জ্বলি যোৱা নাছিল আৰু কমাৰগাঁও নগৰত পৰিছিল৷ এতিয়া সাত বছৰৰ পাছত সেই শিলটুকুৰাই এটা ডাঙৰ ৰহস্য উদ্‌ঘাটন কৰাৰ সম্ভাৱনাই দেখা দিছে৷ সেইটো হ’ল পৃথিৱীত জীৱৰ উৎপত্তি বা আৰম্ভণি কেনেকৈ হৈছিল৷ পৃথিৱীত জীৱৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ সমগ্ৰ পৃথিৱীৰ জ্যোতিৰ্বিজ্ঞানীসকল অতি আগ্ৰহী৷ ৰাসায়নিক গঠনে ইংগিত দিয়ে যে তৰা আৰু ষ্টাৰডাষ্টৰ একেবাৰে অভ্যন্তৰত জীৱৰ উৎপত্তি হৈছিল৷ আই আই টি - খড়গপুৰৰ বিজ্ঞানীসকলে উল্কাপিণ্ডটো পৰীক্ষা কৰি প্ৰথমবাৰৰ বাবে কিছুমান তথ্য আহৰণ কৰিছে, যিবোৰে হয়তো পৃথিৱীত জীৱৰ উৎপত্তি বা আৰম্ভণিৰ বিষয়ে নতুন সন্ধান দিব পাৰে৷ তেওঁলোকৰ গৱেষণাত জাপানৰ হিৰোশ্বিমা ইউনিভাৰ্ছিটি আৰু আহমেদাবাদৰ ফিজিকেল ৰিছাৰ্চ লেবৰেটৰীৰ বিজ্ঞানীসকলেও যোগ দিছে৷ অসমৰ কমাৰগাঁৱত পোৱা উল্কাপিণ্ডটো খহি আহিছিল মঙল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত অৱস্থিত এষ্টেৰইড বেল্টৰ পৰা৷ প্ৰচণ্ড গতিত অহা উল্কাপিণ্ডটো আন এটা উৎসৰ সৈতে খুন্দা লগাৰ পাছত ভাগি পৰিছিল আৰু কিছুমান সৰু সৰু টুকুৰাত পৰিণত হৈছিল৷ তাৰে এটা টুকুৰা পৰিছিল কমাৰগাঁৱত আৰু সেইটো আছিল ৬.৪ কিল’মিটাৰতকৈও ডাঙৰ আকাৰৰ এটা উল্কাপিণ্ডৰ অংশ৷ টুকুৰাটো পৰীক্ষা কৰি কি পোৱা গৈছে, সেই বিষয়ে ‘জাৰ্নাল অব্‌ জিঅ’ফিজিকেল ৰিছাৰ্চ প্লেনেটছ’ত প্ৰকাশ কৰা হৈছে৷ তাত উল্লেখ কৰা হৈছে যে জীৱৰ আৰম্ভণিৰ বাবে যিবোৰ মৌলিক বা প্ৰাথমিক চৰ্তৰ প্ৰয়োজন সেইবোৰৰ কিছুমান চিন উল্কাপিণ্ডটোত পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here