ৰাজ্যত চলিত বৰ্ষত কিমানটা পথ দুৰ্ঘটনা হৈছে জানেনে ?

0
884

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ক্ৰমান্বয়ে বৃদ্ধি পোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে নৱবৰ্ষৰ প্ৰাক্‌মুহূৰ্তত অসম আৰক্ষীয়ে সতৰ্কতাসহ গ্ৰহণ কৰিছে কঠোৰ  ব্যৱস্থা৷ একাংশ উদণ্ড যুৱকে মটৰচাইকেল চলোৱাৰ নামত কৰা ষ্টাণ্ট আৰু মদ্যপান কৰি গাড়ী চলোৱা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব আৰক্ষী৷ কেৱল সিমানেই নহয়, বিভিন্ন প্ৰান্তত আয়োজিত বনভোজস্থলীতো আৰক্ষীয়ে ৰাখিব চোকা দৃষ্টি৷ সংশ্লিষ্ট বিভাগে ইতিমধ্যে ৰাজ্যৰ আঠখন জিলাক অতি দুৰ্ঘটনাপ্ৰৱণ জিলা হিচাপে চিনাক্ত কৰিছে৷ এই জিলাসমূহ হ’ল ক্ৰমে শোণিতপুৰ, নগাঁও, ধুবুৰী, তিনিচুকীয়া, ডিব্ৰুগড়, কামৰূপ [গ্ৰাম্য], কামৰূপ [মেট্ৰ’] আৰু নলবাৰী জিলা৷ শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই কথা সদৰী কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ উল্লেখ্য যে এলানি কাৰ্যসূচী লৈ উপস্থিত হোৱা ৰাজ্যৰ শীৰ্ষতম আৰক্ষী বিষয়াজনে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি আগবঢ়োৱা মন্তব্যত সমাগত পথ নিৰাপত্তা সপ্তাহৰ লগতে বনভোজৰ আনন্দৰ মাজত ব্যাপক হাৰত সংঘটিত হৈ অহা পথ দুৰ্ঘটনা সন্দৰ্ভত চিন্তা প্ৰকট কৰি সংশ্লিষ্ট বিভাগে এইক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৱলী সন্দৰ্ভতো মন্তব্য কৰে৷ তেওঁ কয় যে উৎসৱৰ সময়ত পথ দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিগত বৰ্ষত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত৮,৩৭০টা আৰু চলিত বৰ্ষৰ বৰ্তমানলৈকে ৬,৩০৮টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ ২০২১ বৰ্ষত ৩,০৯১জন লোকৰ আৰু আৰু ২০২২ চনত ২,৬৯১জন লোকৰ  পথ দুৰ্ঘটনাত মৃত্যু হৈছে৷ ৰাজ্যৰ দুই-এখন জিলাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে যদিও আন জিলাসমূহত এই সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ নৱবৰ্ষৰ প্ৰাক্‌ক্ষণত বিভিন্ন প্ৰান্তত বনভোজ খাবলৈ যোৱা যাত্ৰীসকলেও পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া হৈছে৷ আৰক্ষী সঞ্চালক প্ৰধানজনে আৰু কয় যে সংশ্লিষ্ট বিভাগে সময়ে সময়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত এলানি কঠোৰ ব্যৱস্থা অব্যাহত ৰখাৰ সময়ত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাই যদিও পুনৰ বৃদ্ধি পায় বিভিন্ন কাৰণত৷ বিভিন্ন প্ৰান্তৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত সংশ্লিষ্ট বিভাগে নিৰ্মাণ কৰা পথ সুৰক্ষিত নোহোৱাৰ লগতে প্ৰয়োজনীয় ফলকো প্ৰদৰ্শন নকৰাত ঠায়ে ঠায়ে দুৰ্ঘটনা বৃদ্ধি পাইছে৷ সেয়েহে পথ নিৰ্মাণ বিভাগৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিভাগৰ সৈতেও এই সন্দৰ্ভত আলোচনাসহ বিহিত ব্যৱস্থাৰ প্ৰচেষ্টা চলোৱা হৈছে৷ বনভোজ খাবলৈ যোৱাৰ ক্ষেত্ৰত লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ শীৰ্ষতম আৰক্ষী বিষয়াজনে আহ্বান জনাই কয় যে বনভোজ যাত্ৰীসকলক কঢ়িয়াই নিয়া বাহনৰ চালকজনে কোনো কাৰণতে মাদক দ্ৰব্য গ্ৰহণ কৰিব নোৱাৰিব৷ মাদক দ্ৰব্য গ্ৰহণ কৰি তেনে বাহন চলোৱা গাড়ী চালকৰ লগতে বনভোজ যাত্ৰীৰ গোটটোৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আনহাতে, নৱপ্ৰজন্মৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা বাইক ষ্টাণ্ট সন্দৰ্ভতো মন্তব্য কৰি ভাস্কৰজ্যোতি মহন্তই কয় যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰবেগত চলোৱা বাহনক নিৰীক্ষণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে৷ যিহেতু পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে এই বাইক ষ্টাণ্ট-কাণ্ডকো চিনাক্ত কৰা হৈছে, সেয়েহে ত্ৰাসৰ সৃষ্টি কৰা এই বাইক ষ্টাণ্টকাৰীসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here