ভাৰতীয়সকলৰ প্ৰিয় খাদ্যৰ শীৰ্ষত কি জানেনে ?

0
148

ভাৰতীয় নাগৰিকৰ প্ৰধান খাদ্য হৈছে ভাত বা ৰুটী৷ ভাৰতৰ বাসিন্দাৰ প্ৰধান খাদ্য ভাত হ’লেও প্ৰিয় খাদ্য হিচাপে ছিঙৰা আৰু পপকৰ্নে স্থান দখল কৰিছে৷ শেহতীয়াভাৱে আইন’ক্স ফুড ৰিপ’ৰ্টৰ তথ্য অনুসৰি ভাৰতীয় লোকৰ মাজত পপকৰ্ন আৰু ছিঙৰাই প্ৰিয় খাদ্যৰ তালিকাত স্থান লাভ কৰিছে৷ দেশৰ নাগৰিকৰ মাজত চলিত বৰ্ষত যথেষ্ট সমাদৰ লাভ কৰা ছিঙৰা আৰু পপকৰ্নৰ পৰিমাণ আছিল ৮৬৩ মেট্ৰিকটন৷ এই তথ্য লাভ কৰিছে চিনেমা হলবোৰলৈ চিনেমা চাবলৈ যোৱা দৰ্শকৰ ওপৰত ভিত্তি কৰি৷ তথ্য অনুসৰি যদিহে চলিত বৰ্ষত ভাৰতীয় লোকসকলে খোৱা পপকৰ্নৰ টাব একেলগে থিয় কৰি দিয়া হয়, তেনেহ’লে ইয়াৰ উচ্চতাই পৃথিৱীৰ সীমা অতিক্ৰম কৰিব৷ সমীক্ষা মতে এই উচ্চতা কিলোমিটাৰৰ হিচাপত আছিল ১০৩২ কিলোমিটাৰ৷ আনহাতে চলিত বছৰত ভাৰতীয়সকলে ১৯.৩৮ লাখটা ছিঙৰা ক্ৰয় কৰিছিল৷ ইয়াৰ বিপৰীতে ভাৰতীয় লোকসকলে সেৱন কৰা ক’কৰ পৰিমাণ আছিল ৩৮.১৫ লাখ লিটাৰ৷ আনহাতে মিঠাইৰ খাদ্য তালিকাত স্থান লাভ কৰিছে আইচক্ৰীম, ব্ৰাউনী, ড’নাট আদিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here