গাখীৰৰ সৈতে এইবোৰখালে বিষতুল্য হয়

0
585


নানা পুষ্টিগুণেৰে ভৰপূৰ গাখীৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষকৈ শিশুসকলৰ¸ স্বাস্থ্যৰ বাবে গাখীৰ প্ৰয়োজনীয়৷ শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে গাখীৰৰ পুষ্টিগুণ অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিভিন্ন সময়ত গাখীৰৰ পুষ্টিগুণ শৰীৰত প্ৰৱেশ কৰাবলৈ শিশুসকলৰ গাখীৰৰ সৈতে কিছুমান খাদ্য যেনে– চকলেট, ফলৰ ৰস, আইচক্ৰীম আদি মিহলাই দিয়ে, যাতে গাখীৰৰ সোৱাদ বৃদ্ধি হৈ শিশুটিয়ে খাবলৈ ইচ্ছা প্ৰকাশ কৰে৷ কিন্তু এইবোৰে মিহলাই গাখীৰ খোৱাৰ ফলত কিবা লাভ হয় নে অপকাৰ হয় সেই বিষয়ে জনাটো ভাল৷ গাখীৰৰ সৈতে এইবোৰ খাদ্য কেতিয়াও একেলগে খাব নালাগে৷ অন্যথা এইধৰণৰ খাদ্য খোৱাৰ ফলত বিষতুল্যৰ লেখীয়া হয়৷ গাখীৰৰ সৈতে কিছুমান খাদ্য খালে পাশ্বৰ্ক্ৰিয়া ঘটি, আনকি বদহজম, গেছ, বমি বমি ভাব, মূৰৰ ঘূৰণি, ডায়েৰিয়া আদি নানা বিসংগতিয়ে দেখা দিব পাৰে৷
নেমু, আনাৰসৰ দৰে ছাইট্ৰিক এচিডযুক্ত খাদ্যৰ সৈতে গাখীৰ খোৱাটো উচিত নহয়৷ এইধৰণৰ ভিটামিন-চি সমৃদ্ধ খাদ্যৰ সৈতে গাখীৰ খালে এচিড ৰিফ্লাক্স, পেটৰ অসুখ, কফজনিত সমস্যা আদিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ স্বাস্থ্য বিশেষজ্ঞ কোৱা মতে এইধৰণৰ ফলত এনজাইম আৰু এচিড যিমান ছাইট্ৰিক এচিড, মেলিক এচিড, টাৰটিাৰিক এচিড, ফিউমাৰিক এচিডৰ সৈতে গাখীৰত থকা লেকটিক এচিডৰ সৈতে বিক্ৰিয়া ঘটি হজমৰ সমস্যা, পেটৰ নানা সমস্যাই দেখা দিব পাৰে৷
গাখীৰ আৰু কল কেতিয়াও একেলগে খাব নালাগে৷ কল আৰু গাখীৰ একেলগে খালে হজম, বিপাক প্ৰক্ৰিয়াৰ গতি মন্থৰ হ’ব পাৰে৷ ইয়াৰ উপৰি শৰীৰত টক্সিন উৎপন্ন কৰাত উদ্দীপিত কৰে৷
আঙুৰ আৰু গাখীৰ একেলগে খোৱা উচিত নহয়৷ আঙুৰৰ প্ৰকৃতি অত্যন্ত অম্লীয়৷ সেয়ে গাখীৰৰ সৈতে একেলগে খালে গেষ্ট্ৰিকৰ সমস্যা, পেটৰ বিষ, ডায়েৰিয়া আদি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
খাদ্য হজম হ’বলৈ দৈ অত্যন্ত উপকাৰী যদিও দৈ আৰু আন ফল একেলগে খালে পেটৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা বিপজ্জনক সংমিশ্ৰণ হিচাপে ক্ৰিয়া কৰে৷ দৈ হ’ল এবিধ প্ৰোবায়’টিক৷ ইয়াত ভাল বেক্টেৰিয়া থাকে৷ বিভিন্ন সময়ত শৰীৰত টক্সিন তৈয়াৰ কৰা তথা কাহ, চৰ্দি আদিৰ মাত্ৰা বঢ়াই দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here