উদ্বেগজনক ছবি ! অসমত দেশৰ ভিতৰতে অধিক নাৰী নিৰ্যাতন হয়

0
562


দেশৰ ভিতৰতে আমাৰ ৰাজ্য অসমত সৰ্বাধিক হাৰত নাৰী নিৰ্যাতন হয়৷ আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত এই ভয়ংকৰ তথা উদ্বেগজনক তথ্য সদৰী কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো চমুকৈ এন চি আৰ বি-এ৷ অলক এটা বছৰেই নহয়, বিগত পাঁচ বছৰ ধৰি একেবাৰে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমে শীৰ্ষস্থান দখল কৰি আহিছে৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্য মতে যোৱা ২০২১ চনত সৰ্বভাৰতীয় নাৰী নিৰ্যাতনৰ ঘটনাৰ হাৰ আছিল ৬৪.৫৷ ইয়াৰ বিপৰীতে অসমত এই হাৰ ১৬৮.৩ শতাংশ৷ একেদৰে ৰাজ্যৰ ৰাজধানী দিল্লীত ১৪৭.৬ শতাংশ, ওড়িষাত ১৩৭.৯ শতাংশ৷ আনহাতে ২০২১ চনত ৰাজ্যত বলাৎকাৰৰ ঘটনা ঘটে ১৮৩৫টা, বলাৎকাৰৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হয় ৫৬৩টা, মহিলাক উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্যাতন চলোৱাৰ ঘটনা ঘটে ৪৫১১টা, যৌতুকজনিক কাৰণত হত্যাৰ বলি হোৱা মহিলাৰ সংখ্যা আছিল ১৯৮টা, মহিলা অপহূতৰ ঘটনা সংঘটিত হয় ৫৮৬৬টা, মহিলাৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ ৪৩২টা ঘটনা সংঘটিত হৈছে৷ আনহাতে ২০২১ চনত ২৯০৪৬টা আৰু ২০২২ চনত অসমত ১২০৩৪টা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা বুলি অসম আৰক্ষীয়ে সদৰী কৰিছে৷ ৰাজ্যত ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি হোৱা নাৰী নিৰ্যাতনৰ এই স্পষ্ট ছবিখনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ সেয়েহে অনতি পলমে অসম আৰক্ষীয়ে কঠোৰতকৈও কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণেৰে নাৰীক অধিক সুৰক্ষা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here