আন গ্ৰহত প্ৰাণী আছেনে? ইয়াৰউত্তৰ দিব সৌৰজগতৰ পাঁচটা স্থানে

0
200

বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ বাবে আন কোনো গ্ৰহত প্ৰাণী আছেনে? এই প্ৰশ্নৰ সঠিক উত্তৰ আজিলৈকে কোনেও দিব পৰা নাই৷ আন গ্ৰহত প্ৰাণী থকাৰ কোনো নিশ্চিত তথ্য বিজ্ঞানীসকলে এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মাজতে কিন্তু আমাৰ সৌৰজগতৰ পাঁচটা স্থানত জীৱ থাকিব পাৰে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলৰ মতে মঙল গ্ৰহৰ উপৰিভাগৰ তলত সূক্ষ্ম জীৱ থাকিব পাৰে৷ অলপতে পোৱা তথ্য অনুসৰি মঙল গ্ৰহত এসময়ত পানী আছিল, সেয়ে গ্ৰহটোত জীৱ থাকিব বুলি ভবা হৈছে৷ মঙল গ্ৰহৰ মাটিৰ নমুনা ২০৩০ চনৰ ভিতৰত পৃথিৱী পাবহি আৰু এই মাটিৰ নমুনা পৰীক্ষা কৰি তাত সূক্ষ্ম জীৱ থকা-নথকা কথাটো পৰিস্ফুট হ”ব৷ আনহাতে শুক্ৰ গ্ৰহতো প্ৰাণী থকাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে৷ গ্ৰহটোৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আছে৷ সেয়ে তাত আনধৰণৰ জীৱ থাকিব পাৰে বুলি কোৱা হৈছে৷ বিজ্ঞানীসকলৰ মতে গ্ৰহটোৰ ডাৱৰতো জীৱ থাকিব পাৰে৷ শনি গ্ৰহ ষষ্ঠ সৰ্ববৃহৎ উপগ্ৰহটো হ’ল এলচেলাইড৷ এলচেলাইড সম্পূৰ্ণৰূপে বৰফেৰে আবৃত৷ সেয়েহে উপগ্ৰহটোত জীৱ থাকিব পাৰে বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে৷ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাতো জীৱৰ সন্ধান পাব বুলি আশা ব্যক্ত কৰিছে৷ উপগ্ৰহটোৰ উপৰিভাগ বৰফেৰে ঢকা আৰু ইয়াৰ তলত নিমখীয়া পানী আছে৷ কেতিয়াবা এই পানী ওলাই আহি বৰফ হৈ পৰে৷ নেপচুনৰ সৰ্ববৃহৎ উপগ্ৰহ হ’ল ট্ৰাইটন৷ এই উপগ্ৰহটোৰ উপৰিভাগত কিছুমান ফুটা আছে আৰু তাৰ পৰা নাইট্ৰজেন ওলাই থাকে৷ সূৰ্যৰ পৰা বহু দূৰত থকা বাবে ইয়াৰ উপৰিভাগ অতি শীতল৷ সেয়েহে ট্ৰাইটনত জীৱ থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here