উদ্বেগজনক খবৰ! ২০১৭-১৯ চনলৈ ২৪ হাজাৰৰো অধিক কিশোৰ-কিশোৰীৰ আত্মহত্যা

0
341

চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে যে ২০১৭ চনৰ পৰা ২০১৯ চনলৈ ভাৰতত ১৪-১৮ বছৰ বয়সৰ ২৪ হাজাৰৰো অধিক কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে৷ তাৰ ভিতৰত ৪ হাজাৰৰো অধিক কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে৷ কিশোৰ-কিশোৰীৰ আত্মহত্যাৰ বিষয়ে অলপতে সংসদত National Crime Records Bureau চমুকৈ NCRB-ৰ সংহত তথ্য দাখিল কৰা হয়৷ সেই তথ্য অনুসৰি ২০১৭-১৯ চনৰ ভিতৰত ১৪-১৮ বছৰ বয়সৰ ২৪,৫৬৮ কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে৷ তাৰ ভিতৰত ১৩,৩২৫গৰাকী ছোৱালী৷ ২০১৭ চনত এই বয়সৰ গোটৰ ৮,০২৯টা, ২০১৮ চনত ৮,১৬২টা আৰু ২০১৯ চনত ৮,৩৭৭টা কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে৷ আটাইতকৈ বেছিসংখ্যক কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে মধ্য প্ৰদেশত (৩,১১৫)৷ তাৰ পাছত ক্ৰমে পশ্চিমবংগত ২,৮০২টা, মহাৰাষ্ট্ৰত ২,৫২৭টা আৰু তামিলনাডুত ২,০৩৫টা কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে৷ আত্মহত্যা কৰা মুঠ কিশোৰ-কিশোৰীৰ ভিতৰত ৪,০৪৬ কিশোৰ-কিশোৰীয়ে আত্মহত্যা কৰে পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে৷ আন কামবোৰৰ ভিতৰত আছে প্ৰেম, অসুস্থতা, শাৰীৰিক নিৰ্যাতন, মৰমৰ ব্যক্তিৰ মৃত্যুৰ কাৰণে দুখ, নিচাযুক্ত দ্ৰব্য সেৱন বা সুৰাপান, অবৈধ গৰ্ভধাৰণ, সামাজিক অপযশ, কৰ্মসংস্থাপনহীনতা, দাৰিদ্ৰ্য আৰু আদৰ্শগত কাৰণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here