গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন:পৰিচয়-পত্ৰবিহীন লোকক কিদৰে ভেক্‌চিন প্ৰদান কৰা হ’ব?

0
718
অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীক দিল্লীত সাক্ষাৎ কৰাৰ পাছত অসমলৈ আৰু সাত লক্ষাধিক ভেক্‌চিন প্ৰেৰণ কৰা হয়৷ এতিয়া অসমত  প্ৰায় ১৭ লাখ ভেক্‌চিন মজুত আছে৷ কিন্তু ভেক্‌চিন থাকিলেও সঠিক পৰিচয়-পত্ৰ অবিহনে ভেক্‌চিন লাভৰ পৰা বঞ্চিত হৈছে বহু লোক৷ সম্প্ৰতি এই পৰিচয়-পত্ৰহীন লোকসকলক কিদৰে ভেক্‌চিন প্ৰদান কৰা হ’ব বুলি অসম চৰকাৰক প্ৰশ্ন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানি লৈ ন্যায়ালয়ে অসম চৰকাৰক কিদৰে পৰিচয়-পত্ৰহীন লোকক ভেক্‌চিন দিব  তাৰ সমাধান সূত্ৰ বিচাৰিছে৷ কাৰণ পৰ্যাপ্ত পৰিচয়-পত্ৰ নথকাৰ বাবে একাংশ লোক কভিড ভেক্‌চিন লাভ কৰাত সমস্যাৰ সন্মুখীন হৈছে৷ উচ্চ ন্যায়ালয়ে অসম চৰকাৰক এই কথা অৱগত কৰাৰ বাবে দুসপ্তাহৰ সময়সীমা বান্ধি দিছে৷ দুসপ্তাহৰ ভিতৰত অসম চৰকাৰে ন্যায়ালয়ত শপতনামা দাখিল কৰিব লাগিব৷ সমান্তৰালভাৱে দ্বিতীয় ড’জৰ ভেক্‌চিন লোৱাৰ ক্ষেত্ৰত যাতে কোনো সমস্যাত নপৰে, সেই সন্দৰ্ভতো চৰকাৰৰ পৰা ন্যায়ালয়ে ব্যাখ্যা বিচাৰে৷ লক্ষণীয় যে ৰাজ্যৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা লোকসকলক ভেক্‌চিন প্ৰদান কৰা সন্দৰ্ভতো অসম চৰকাৰক ন্যায়ালয়ে প্ৰশ্ন কৰে৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন কাৰাগাৰত মুঠ ১১,৩৯৮জন লোক বন্দী হৈ আছে৷ গোচৰটোৰ পৰৱৰ্তী  শুনানি অহা ১৬ আগষ্টত সম্পন্ন হোৱাৰ বাবে আদালতে দিন ধাৰ্য কৰিছে৷  অসমত এইপৰ্যন্ত মুঠ ১,০৮,০৮,০৯১জন লোকক ভেক্‌চিন প্ৰদান কৰা হৈছে৷ ইয়াৰে প্ৰথম পালি ভেক্‌চিন ৮৮,৬০,২৫২জন লোকক আৰু দুয়োপালি ভেক্‌চিন ১৯,৪৭,৮৩৯জন লোকক প্ৰদান কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here