উত্তৰ-পূবৰ ৩৫খন জিলাৰ পৰিস্থিতি উদ্বেগজনক

0
1469
উত্তৰ-পূৰ্বাঞ্চলত কৰ’নাৰ সংক্ৰমণ এতিয়াও উদ্বেগজনক হৈ আছে৷ দেশৰ ১১খন ৰাজ্যৰ মুঠ ৫২খন জিলাত নতুনকৈ সক্ৰমণ হোৱাৰ সাপ্তাহিক হাৰ ১০% বা তাতকৈ অধিক৷ ইয়াৰে ৩৫খন জিলা উত্তৰ-পূৰ্বাঞ্চলৰ৷ এই তথ্য ১৯-২৫ জুলাইৰ ৷ কেৰালা আৰু মণিপুৰৰ ১০খনকৈ জিলাত সংক্ৰমণৰ হাৰ দহ শতাংশৰ অধিক৷ ইয়াৰ উপৰি মিজোৰামৰ ছখন জিলা, নগালেণ্ড, ৰাজস্থান, মেঘালয়ত ৫খন জিলাত নতুনকৈ সংক্ৰমণ হোৱাৰ হাৰ ১০%ৰ অধিক৷ আনহাতে ছিকিমৰ দুখন, অসম, হাৰিয়ানা আৰু পুডুচেৰীৰ এখনকৈ জিলাত সংক্ৰমণৰ হাৰ দহ শতাংশৰ অধিক হৈ আছে৷ উল্লেখ্য যে বৰ্তমান চিন্তাজনক কথাটো হ’ল কেৰালা ৰাজ্যত সংক্ৰমণ হ্ৰাস নোপোৱাটো৷ দেশত কালি সংক্ৰমণ হোৱা মুঠ লোকৰ ৪৪% হ’ল কেৰালাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here