কেইবাখনো ৰাজ্যত পুনৰ স্কুল-কলেজ আৰম্ভ

0
669
কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পোৱাৰ পাছত কেইবাখনো ৰাজ্যত বলৱৎ থকা নিষেধাজ্ঞা শিথিল কৰা হৈছে৷ ইয়াৰ লগতে মধ্যপ্ৰদেশ, গুজৰাটসহ কেইবাখনো ৰাজ্যত স্কুল-কলেজ পুনৰ খোলাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে৷ কেইবাখনো ৰাজ্যত ২৭ জুলাইৰ পৰা স্কুল-কলেজ খোলা হৈছে৷ অৱশ্যে স্কুল-কলেজত কঠোৰভাৱে কভিড-১৯ নিয়ম পালন কৰিব লাগিব৷ মধ্য প্ৰদেশত ২৭ জুলাইৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ক্লাছসমূহ ৫০% উপস্থিতিৰে স্কুলৰ পাঠদান আৰম্ভ কৰা হৈছে৷ নৱম আৰু দশম শ্ৰেণীৰ ক্লাছসমুহ ৫ আগষ্টৰ পৰা আৰম্ভ হ’ব৷ গুজৰাটত দ্বাদশ শ্ৰেণীৰ ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে৷ নৱম আৰু একাদশ শ্ৰেণীৰ ক্লাছসমূহ ২৭ জুলাইৰ পৰা আৰম্ভ হৈছে৷ পঞ্জাব আৰু ওড়িষাত ২৭ জুলাইৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্লাছ আৰম্ভ কৰা হৈছে৷ কৰ্ণাটকত  ২৭ জুলাইৰ পৰা স্নাতক শ্ৰেণীৰ কলেজসমূহ খোলা হৈছে৷ অৱশ্যে কৰ’নাৰ ভেক্‌চিনৰ কমেও এটা ড’জ লোৱা ছাত্ৰ-ছাত্ৰীকহে কলেজৰ চৌহদত প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here