উত্তৰ-পূবৰ ভিতৰত গুৱাহাটীত সৰ্বাধিক আৱৰ্জনা সৃষ্টি

0
504

 

এনভাইৰন নামৰ এটা বেচৰকাৰী সংস্থাই চলোৱা সমীক্ষা মতে, গুৱাহাটী পৌৰ নিগম এলেকাত দৈনিক ৩৭০ টন প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়৷ আনহাতে গুৱাহাটীত যোৱা ১৪ বছৰত প্লাষ্টিকৰ আৱৰ্জনা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীতে দৈনিক সৰ্বাধিক আৱৰ্জনা সৃষ্টি হয়৷ সমীক্ষা মতে, ২০০৪ চনত গুৱাহাটীত দৈনিক ৫০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হৈছিল৷ এতিয়া এই পৰিমাণ বৃদ্ধি হৈ দৈনিক ৩৭০ টন আৱৰ্জনা উৎপন্ন হয়৷ দেশত দৈনিক উৎপন্ন হোৱা ২৫,৯৪০ টন প্লাষ্টিক আৱৰ্জনাৰ মাত্ৰ ৪,০৫৯.১৮ টন প্লাষ্টিক আৱৰ্জনাহে দৈনিক সংগ্ৰহ হয়৷

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ২০১৭ চনৰ ছেপ্টেম্বৰত প্ৰকাশ কৰা তথ্য মতে, দেশৰ ৬০খন গুৰুত্বপূৰ্ণ নগৰ-মহানগৰত দৈনিক ৫০,৫৯২ টন আৱৰ্জনা উৎপন্ন হয়৷ ইয়াৰে ২৫,৯৪০ টন প্লাষ্টিকৰ আৱৰ্জনা৷ দেশৰ ভিতৰত সৰ্বাধিক প্লাষ্টিক আৱৰ্জনা চেন্নাইত সংগ্ৰহ হয়৷ চেন্নাইত দৈনিক ৪২৯.৩৯ টন প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ হয়৷ ইফালে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীতে দৈনিক সৰ্বাধিক আৱৰ্জনা সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here