জলবায়ু পৰিৱৰ্তনে মহামাৰীৰ প্ৰকোপ বৃদ্ধি কৰিব

0
475

বিশ্বত জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ইয়াৰ প্ৰভাৱ তাপমান অথবা বতৰৰ ওপৰতে যে পৰিছে এনে নহয়৷ শেহতীয়াকৈ বিজ্ঞানীসকলে দিয়া এক তথ্যই সকলোকে ভবাই তুলিছে৷ বিজ্ঞানীসকলে দাবী কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ ফলত গোটেই বিশ্বতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, তাপমান, বতৰৰ সমান্তৰালভাৱে মহামাৰীৰ প্ৰকোপো বৃদ্ধি পাব৷ 
আমেৰিকাৰ জৰ্জটাউন বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত কোৱা হৈছে যে ২০৭০ চনলৈ বিশ্বই হাজাৰোধিক মহামাৰীৰ সন্মুখীন হ’ব৷ ইয়াৰ উপৰি কমেও পোন্ধৰ হাজাৰ ভাইৰাছ জন্তুৰ বা আন মাধ্যমৰ যোগেদি মানুহৰ দেহলৈ বিয়পিব৷ 
আমেৰিকাৰ নেচাৰ নামৰ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাত আৰু কোৱা হৈছে যে পৰৱৰ্তী ৫০ বছৰৰ ভিতৰত এছিয়া আৰু আফ্ৰিকাত সৰ্বাধিক মহামাৰীয়ে প্ৰভাৱ বিস্তাৰ কৰিব৷ আনহাতে বৰ্তমান বিশ্বৰ জনতাই প্ৰায় ১০ হাজাৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলিও গৱেষণাটোত লগতে উল্লেখ কৰা হৈছে৷ 
উল্লেখ্য যে এইচ আই ভি, ইবোলা, ফ্লু, কৰ’না আদি নানাবিধ ভাইৰাছে সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ ইফালে অনাগত দিনত আৰু কি কি ভাইৰাছৰ মুখামুখি হ’বলগীয়া হয়, সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here