উত্তৰ-পূবত ডেল্টা ভেৰিয়েণ্ট প্ৰথমজন ৰোগী চিনাক্ত

0
1644
শেহতীয়াভাৱে কৰ’না মহামাৰী ত্ৰাসৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱাৰ খবৰে ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূবকে জোকাৰি গৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে কৰ’নাৰ অতি বিপজ্জনক ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা ৰোগী৷ মণিপুৰ আৰু মিজোৰামত ধৰা পৰিছে এই ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা ৰোগী৷ হায়দৰাবাদৰ এটা পৰীক্ষাগাৰত মণিপুৰৰ ২০টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু ১৮টাত ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছে৷ মিজোৰামত অতি সংক্ৰামক ভেৰিয়েণ্ট বি.১.৬১৭.২ৰ সংক্ৰমণ হোৱা চাৰিজন ৰোগীক চিনাক্ত কৰা হৈছে৷ এই চাৰিওজন ৰোগী আইজল জিলাৰ৷ তেওঁলোকৰ নমুনা পশ্চিম বংগৰ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ বায়’মেডিকেল জিন’মিক্সত পৰীক্ষা কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here