আজিৰ পৰা ৰাজ্যত নতুন এছ অ’ পি

0
2076
ৰাজ্যত কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কভিড বিধি অব্যাহত ৰাখিছে৷ আনহাতে ২২ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে নতুন এছ অ’ পি জাৰি কৰে৷ ২২ জুনৰ পৰা প্ৰযোজ্য হ’বলগীয়া নতুন নীতি-নিৰ্দেশনাৰ ভিতৰত ৰাজ্যত আন্তঃজিলা যাতায়াত আৰু শিক্ষানুষ্ঠান বন্ধ অব্যাহত থাকিব৷ আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত বন্ধ থাকিব৷ ইয়াৰ লগতে পৰিস্থিতি সামান্য উন্নত হোৱা কামৰূপ মহানগৰত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন অব্যাহত থাকিব৷ কিন্তু পৰিস্থিতি যথেষ্ট উন্নত হোৱা ৯খন জিলাত সান্ধ্য আইন ১২ ঘণ্টালৈ হ্ৰাস কৰা হৈছে৷ সংক্ৰমণ যথেষ্ট হ্ৰাস পোৱা দক্ষিণ শালমাৰা-মানকাচৰ, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল ৰখা হৈছে৷ আনহাতে কঠোৰ কভিড বিধিৰ পাছতো সংক্ৰমণ উদ্বেগজনক হৈ থকা ৫খন জিলাত এতিয়াৰ দৰেই কঠোৰ পৰ্যবেক্ষণত ৰখা হ’ব৷ চৰকাৰে কঠোৰ পৰ্যবেক্ষণত ৰখা কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ জিলাৰ সৈতে সম্প্ৰতি গোলাঘাট, বিশ্বনাথ আদি আৰু চাৰিখন জিলা সংযোজন হৈছে৷ এই জিলাকেইখনৰ ওপৰত অহা ২৩ জুনলৈ চৰকাৰে কঠোৰ পৰ্যবেক্ষণ কৰিব৷ তাৰ পাছতো পৰিস্থিতি উন্নত নহ’লে এই ৯খন জিলাত শীঘ্ৰেই অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ প্ৰয়োজনত লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা লোৱাৰ সম্ভাৱনাও আছে৷ ইফালে অন্য জিলাসমূহত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব৷ আনহাতে দোকান-পোহাৰ, কাৰ্যালয় খোলাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব৷ অৱশ্যে প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক কৰাৰ বিপৰীতে গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা কৰা হৈছে৷ দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব৷ অৱশ্যে আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here