কভিড ভেক্‌চিনৰ নতুন নিয়ম

0
1315
কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেক্‌চিন নীতিৰ অধীনত ২১ জুনৰ পৰা ১৮ বছৰৰ ঊধবৰ্ৰ সকলো লোককে বিনামূলীয়াকৈ ভেক্‌চিন দিয়া হ’ব৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোডীয়ে যোৱা ৭ জুনত ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা উল্লেখ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেক্‌চিন নীতিৰ অধীনত ২১ জুনৰ পৰা ৰাজ্যসমূহক সম্পূৰ্ণ বিনামূলীয়াকৈ ভেক্‌চিনৰ যোগান ধৰা হ’ব৷ নতুন ভেক্‌চিন নীতিৰ অধীনত ৰাজ্যসমূহে মুঠ জনসংখ্যা, কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা তথা টিকাকৰণৰ গতিৰ ভিত্তিত ভেক্‌চিন লাভ কৰিব৷ ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক এইবুলিও সতৰ্ক কৰি দিয়ে যে ভেক্‌চিন নষ্ট হোৱাটো ৰোধ কৰিব লাগে, অন্যথা ভেক্‌চিনৰ যোগানত প্ৰভাৱ পৰিব পাৰে৷ চৰকাৰী টিকাকৰণ কেন্দ্ৰত ভেক্‌চিন লোৱাৰ বাবে ২১ জুনৰ পৰা কোনোধৰণৰ মাচুল দিব নালাগে৷ অৱশ্যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চৰকাৰে বান্ধি দিয়া দামত ভেক্‌চিন ল’ব পাৰিব৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে বান্ধি দিয়া নিয়ম অনুসৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কভিশ্বিল্ডৰ প্ৰতিটো ড’জৰ বাবে ৭৮০ টকা, কভেক্সিনৰ প্ৰতিটো ড’জৰ বাবে ১৪১০ টকা আৰু স্পুট্‌নিক-ভিৰ প্ৰতিটো ড’জৰ বাবে ১১৪৫ টকাকৈ দিব লাগিব৷ ইয়াৰ ভিতৰত সেৱা মাচুল ১৫০ টকাও অন্তৰ্ভুক্ত হৈ আছে৷ ইয়াৰ লগতে ২১ জুনৰ পৰা টিকাকৰণৰ কেন্দ্ৰত ভেক্‌চিন লোৱাৰ বাবে লগে লগে নাম পঞ্জীয়ন কৰাব পাৰিব৷ ইয়াৰ বাবে CoWIN এপত নাম পঞ্জীয়ন নকৰিলেও হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here