এসপ্তাহতে মুখৰ ক’লা দাগ গুচাবলৈঘৰুৱাভাৱে এই তিনি ফেচপেক

0
300


গৰমৰ দিনত ছাল তথা মুখৰ যত্ন লোৱাৰ সময়ত বিশেষ কিছু টিপছ লোৱা হয়৷ প্ৰখৰ ৰ’দত চকু-মুখ সূৰ্যৰ তাপত পুৰি ক’লা হয়৷ মুখখন দেখিবলৈ বিশ্ৰী হৈ পৰে৷ এই দাগবোৰ ক্ৰমে বাঢ়ি গৈ এটা সময়ত গোটেই মুখখনতে পৰিবলৈ ধৰে৷ পাছলৈ জটিল ৰূপ ধৰি চিকিৎসকৰ কাষ চাপিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ সেয়ে গৰমৰ দিনত মুখখনৰ ছালৰ ক’লাভাব নাইকিয়া কৰিবলৈ এই তিনিটা ঘৰুৱা উপায় অৱলম্বন কৰিলে যথেষ্ট সুফল পোৱা যায়৷ এই তিনিটা ঘৰুৱাভাৱে প্ৰস্তুত কৰা ফেচপেক ব্যৱহাৰ কৰক আৰু ছালখনৰ পৰা ক’লা দাগ নোহোৱা কৰক৷
এই ফেচপেকটো প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হ’ব এচামুচ চন্দনৰ গুৰি, দুচামুচ বেচন, আধা চামুচ হালধিৰ গুৰি আৰু দুচামুচ তিয়ঁহৰ ৰস৷ এই আটাইখিনি এটা পাত্ৰত ভালকৈ মিহলাই লৈ এটা ডাঠ মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো ভালদৰে মুখত সানি ১৫-২০ মিনিটমান সময় ৰাখি থওক৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ মনত ৰাখিব এই পেকটোৰ লগত ক্লিনজাৰ ব্যৱহাৰ নকৰিব৷ ইয়ে আপানাৰ মুখৰ ডিপ ক্লিনজিং কৰে৷ অতিৰিক্ত তেল নিঃসৰণ নিয়ন্ত্ৰণ কৰাৰ লগতে সামান্য এক্সফোলিয়েশ্যনো কৰে৷ এসপ্তাহতে ইয়াৰ সুফল লাভ কৰিব৷
এই পেকটো বনাবলৈ প্ৰথমে ৬টা আলমণ্ড, গাখীৰৰ সৰ বা কেঁচা গাখীৰ, এচামুচ তুলসীৰ ৰস, তিনি চামুচ বেচন, আধা চামুচ হালধি আৰু এচামুচ নাৰিকল তেলৰ প্ৰয়োজন৷ আলমণ্ডকেইটা ৰাতি পানীত তিয়াই ৰাখি তাৰ পৰা গ্ৰাইণ্ডাৰ কৰি তাত উক্ত সামগ্ৰীবোৰ একেলগ কৰি এটা মিশ্ৰণ তৈয়াৰ কৰক৷ প্ৰস্তুত হোৱা মিশ্ৰণটো মুখত ভালদৰে মাচাজ কৰি ১৫ মিনিটমান পাছত পৰিষ্কাৰ পানীৰে মুখখন ঘুই দিয়ক৷ আলমণ্ডত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থাকে৷ এই উপাদানে ছালখনৰ আদ্ৰৰ্তা ধৰি ৰাখে৷ এই ফেটপেচটো ছালৰ কাৰণে খুব উপকাৰী৷
এটা পাত্ৰত এচামুচ ময়দা, এচামুচ বেচন, এচামুচ চন্দনৰ গুৰি, আধা চামুচ হালধিৰ গুৰি আৰু দুচামুচ গোলাপ জল গোটেইবোৰ লৈ ভালদৰে এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই ঘন মিশ্ৰণটো মুখৰ লগতে গলৰ ক’লা পৰা দাগবোৰত ভালদৰে লগাই ১৫ মিনিটমান ৰাখি পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ গোলাপ জল ছালৰ বাবে খুব উপকাৰী৷ আনহাতে বেচন আৰু চন্দনৰ গুৰিয়ে মুখৰ অতিৰিক্ত তেল নিঃসৰণ নিয়ন্ত্ৰণত ৰাখে৷ এই ফেটপেকটো এসপ্তাহ ব্যৱহাৰ কৰিলে ইয়াৰ চমৎকাৰ ফল লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here