উঃ-পূঃৰ কৃষিজাত সামগ্ৰীৰ বাবেডি আই টেগ ব্যৱহাৰৰ অনুমতি

0
608


সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল খাদ্য শস্যৰে নদন-বদন৷ বিবিধ সুস্বাদু, ঔষধি গুণবিশিষ্ট খাদ্য শস্য উত্তৰ-পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যতে উৎপাদন হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে উৎপাদিত খাদ্য সামগ্ৰী সোৱাদ তথা এইবোৰৰ খাদ্যগুণ সুকীয়া৷ এখন ৰাজ্যত উৎপাদন হোৱা বা থলুৱাভাৱে পোৱা খাদ্যশস্য আনখন ৰাজ্যত পাবলৈ নাই৷ সম্পূৰ্ণ কিছুমান ব্যতিক্ৰমী শস্য ৰাজ্যকেইখন পোৱা যায়, যাৰ আনৰ খাদ্যৰ লগত তুলনা নহয়৷ কিন্তু থলুৱাভাৱে উৎপাদন কৰা কৃষিজাত সামগ্ৰীৰ উচিত দামৰ পৰা বঞ্চিত হয় চৰকাৰীভাৱে স্বীকৃতি নোপোৱাৰ ফলত৷ কিন্ত এইবাৰে নে তাৰ বিপৰীত ছবি এখন প্ৰতিফলিত হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত থলুৱাভাৱে উৎপাদিত কিছুমান সামগ্ৰীত জি আই টেগ ব্যৱহাৰৰ অনুমতি লাভ কৰিছে৷ যাৰ বাবে কৃষকৰ মাজত যথেষ্ট উৎসাহ দেখা পৰিলক্ষিত হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ১৩ বিধ কৃষিজাত উৎপাদনৰ বাবে জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন বা জি আই টেগ ব্যৱহাৰ কৰিবলৈ ৮০০ কৃষক আৰু উদ্যোগীক কৰ্তৃত্ব দিছে৷ এটা সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জি আই টেগ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা কৃষিজাত সামগ্ৰীসমূহৰ ভিতৰত তেজপুৰৰ লিচু, কাৰ্বি আংলঙৰ আদা, মণিপুৰৰ কাচাই লেমন আৰু চক হাও নামৰ ক’লা চাউল, মেঘালয়ৰ খাছি মাণ্ডাৰিন অৰেঞ্জ আৰু মেমাং নাৰং অৰেঞ্জ, মিজোৰামৰ মিজো জলকীয়া, নগালেণ্ডৰ নাগা ট্ৰী টমেটো আৰু নগা মিঠা তিয়ঁহ, ত্ৰিপুৰাৰ কুইন মাটিকঁঠাল আৰু ছিকিমৰ ডাঙৰ ইলাচি আৰু ডাল্লে খুৰচানি জলকীয়া৷ উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগমৰ পৰিচালন সঞ্চালক ৰাজীৱ অশোকে এই কথা জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here