আৱৰ্জনা নিৰ্মূলৰ পদক্ষেপ ঃপথ, প্ৰাচীৰ নিৰ্মাণত ব্যৱহাৰ হ’ব প্লাষ্টিক

0
228


ভাৰতত প্ৰতিবছৰে কেইবালাখ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়৷ দিনক দিনে প্লাষ্টিক আৱৰ্জনা বৃদ্ধি পাবলৈ ধৰিছে৷ প্লাষ্টিক আৱৰ্জনা নিঃশেষ হ’বলৈ কেইবাশ বছৰৰ প্ৰয়োজন হয়৷ জ্বলালেও বায়ু প্ৰদূষণৰ সৃষ্টি হয়৷ বিজ্ঞানীসকলে এতিয়া প্লাষ্টিক আৱৰ্জনাই সৃষ্টি কৰা সমস্যা দূৰ কৰাৰ এক উপায় উলিয়াইছে৷ অচিৰেই প্লাষ্টিকৰ আৱৰ্জনা ব্যৱহাৰ কৰি মজবুত পথ, ফুটপাথ, প্ৰাচীৰ আৰু ঘৰৰ ছাদ নিৰ্মাণ কৰা হ’ব৷ কেন্দ্ৰীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু নেশ্যনেল ফিজিকেল লেবৰেটৰীৰ বিজ্ঞানীসকলে মিলি এই প্লাষ্টিক আৱৰ্জনাৰ সমস্যা দূৰ কৰাৰ দিশত আগবাঢ়িছে৷ বিজ্ঞানীসকলে প্লাষ্টিকৰ ইটা তথা টাইল তৈয়াৰ কৰাৰ প্ৰযুক্তি কৌশলৰ বিকাশ কৰিছে৷ প্লাষ্টিকেৰে তৈয়াৰ কৰা টাইলৰ পৰীক্ষা কৰি আছে৷ ইয়াক মজবুত তথা কেইবাবছৰ টিকি থকা পথ নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব৷ এই টাইল তথা ইটা বৰষুণ বা গধুৰ গাড়ীয়ে নষ্ট কৰিব নোৱাৰিব৷ দিল্লী ৰিছাৰ্চ ইপ্লিমেণ্টেশ্যন এণ্ড ইন’ভেশ্যনে কংক্ৰিটৰ সমান শক্তিশালী টাইলৰ পৰীক্ষা কৰিছে৷ অধিক পৰীক্ষাৰ বাবে ডি আৰ আই আই ভিয়ে পুঁজি বিচাৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, এই অতি শক্তিশালী টাইলে প্লাষ্টিকৰ আৱৰ্জনাৰ সমস্যাৰ সমাধান কৰাৰ লগতে ৰঙা মাটিয়ে সৃষ্টি কৰা বিপদো দূৰ কৰিব৷ বৰ্তমান প্ৰস্তুত কৰা টাইল ২০ টন ওজনত কোনো ক্ষতি নহয়৷ কিন্তু ইয়াক অধিক শক্তিশালী কৰা হ’ব৷ চি এছ আই আৰৰ বিজ্ঞানী ড॰ ৰাজীৱ কুনাৰ সিঙে জনোৱা মতে, প্ৰট’টাইপ টাইলৰ ওজন ৯০০ গ্ৰাম আৰু দীঘে ৯ ইঞ্চি বহলে ৬ ইঞ্চি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here