ডায়েবেটিছ ৰোগ কি আচলতে?

0
1737

ডায়বেটিচ এটি বিপাক ৰোগ (metabolic disease) যত ৰক্ত শৰ্কৰাৰ স্তৰ অধিক হয় আৰু এই সমস্যা দীৰ্ঘসময় ধৰি চলি থাকে। উচ্চ ৰক্ত শৰ্কৰাৰ মাত্ৰাৰ (diabetes blood sugar level)  কাৰণে ঘনাই ঘনাই প্ৰস্ৰাৱ, তৃষ্ণা আৰু ভোক বৃদ্ধি পায়। ডায়বেটিচৰ চিকিৎসা( diabetes treatment) নকৰিলে বহু জটিলতাই দেখা দিব পাৰে।  ডায়বেটিচৰ কাৰণে, কোনো ব্যক্তিৰ অগ্ন্যাশয়ে (pancreas) পৰ্যাপ্ত ইনচুলিন উৎপাদন কৰিব নোৱাৰে বা দেহৰ কোষসমূহে ইনচুলিনৰ সঠিকভাবে প্ৰতিক্ৰিয়া জনাব নোৱাৰে। ইনচুলিনৰ কাম হৈছে অন্যান্য কোষলৈ গ্লুকজ পৰিবহন কৰা কিন্তু ডায়বেটিচ ৰোগীৰ শৰীৰে ইনচুলিন গঠনৰ বন্ধ হৈ যায় বা হ্ৰাস পায় যাৰ কাৰণে শৰীৰত চেনিৰ পৰিমাণ বা গ্লুকজৰ (diabetes glucose level) পৰিমাণ বৃদ্ধি পায়।  ডায়বেটিচ নিয়ন্ত্ৰণৰ বাবে প্ৰথমে ডায়েট (diabetes diet) আৰু জীৱনশৈলী পৰিবৰ্তন কৰা অত্যন্ত দৰকাৰ।  অন্যথা চেনি বা শৰ্কৰা নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে।  ডায়বেটিচ এটি বিপাকীয় ব্যাধি (matabolic disease)। সৰলভাৱে কব গলে, আমি যি খাদ্য গ্ৰহন কৰো সেয়া গ্লুকোজলৈ ৰূপান্তৰিত হয় আৰু ৰক্তৰ মাধ্যমেৰে গোটেই শৰীৰে পায়।  ইনচুলিন হ’ৰমনে তাৰপিছত গ্লুকোজক শক্তিলৈ ৰূপান্তৰ কৰে। ডায়বেটিচৰ কাৰণে, দেহত পৰ্যাপ্ত পৰিমাণে ইনচুলিন তৈয়াৰ নহয় যাৰবাবে শৰীৰে সঠিকভাবে ইনচুলিন ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ উপৰি, দেহত শৰ্কৰা, স্টাৰ্চ আৰু অন্য খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰে।  গতিকে, কোনো ব্যক্তিৰ ডায়েট(diabetes diet plan) বা খাদ্যপ্ৰনালী ব্যক্তিজনৰ ৰক্তচাপ স্তৰ, ৰুটিন, ব্যায়াম অনুশীলনৰ অভ্যাস, শৰীৰৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে।  

ডায়েবেটিছ ৰোগীয়ে কি কি খাদ্য কিমান পৰিমাণে খাব?

ডায়বেটিচ ৰোগীৰ খাদ্যত

60 শতাংশ কাৰ্বহাইড্ৰেট,

20 শতাংশ ফেট আৰু

20 শতাংশ প্ৰটিন থকা উচিত।

দুটা মৌচুমী ফল আৰু তিনি ধৰণৰ শাক- চবজি অৱশ্যই খোৱা উচিত।  মাংস পৰাপক্ষত নোখোৱাই ভাল।  বিশেষকৈ ৰঙা মাংস (red meat) মুঠেই খোৱা উচিত নহয়। লগতে চেনিৰ লগতে নিমখৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল৷

ডায়বেটিচৰ ডায়েট চাৰ্ট (diabetes diet chart) কেনে হোৱা উচিত-

➡ ৰাতিপুৱা শুই উঠাৰ পিচত এক গ্লাচ মেথিগুটিৰ পানী খাব লাগে৷ 

➡ এক ঘন্টা পিছত আপুনি চেনি নিদিয়া চাহ আৰু সামান্য মিঠা সহ 2-3 খন বিস্কুট খাব।

➡ ব্ৰেকফাষ্টত (diabetes breakfast) এক বাটি অঙ্কুৰিত শস্য (বুট,মগু,চানা), সৰ নথকা গাখীৰ বা এক/ দুই বাটি ওটমিল (oats) বা দালিয়া আৰু ব্ৰাউন ব্ৰেড খাব৷

নতুবা,

তেল নিদিয়াকে বনোৱা শুকান ৰুটি, এক কাপ দৈ, চুগাৰ ফ্ৰী কৰ্নফ্লেকছ্ (sugarfree cornflakes) আৰু সৰ কাঢ়ি লোৱা এগিলাচ গাখীৰ খাব পাৰে৷

➡ দুপৰীয়া আহাৰৰ আগে এটি মধুৰিআম,আপেল, কমলা বা অমিতা খাওঁক।

➡ দুপৰীয়া আহাৰত  দুটা ৰুটি, এটি সৰু বাটি ভাত, এক বাটি মচুৰ দাইল, এক বাটি শাক-পাচলিৰ আঞ্জা, এক বাটি দৈ আৰু এক প্লেট চালাদ খাওক। 

➡ গধুলি গ্ৰীন টি আৰু সামান্য মিঠা বিস্কুট বা  বেকড স্ন্যাকচ খাব।

➡ ৰাতিৰ আহাৰত দুটা ৰুটি আৰু এক বাটি শাক-চবজি খাওঁক। ➡ শুৱাৰ আগে এক গ্লাচ গৰম গাখীৰত এক চামুচ হালধী মিহলাই পান কৰক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here