আৰম্ভ হ’ল ‘হৰ ঘৰ দস্তক’ অভিযান || Har Ghar Dastak campaign begins

0
818
৩০ নৱেম্বৰৰ পৰা ৰাজ্যত এশ শতাংশ ক’ভিড ভেক্‌চিন প্ৰদানৰ বাবে এসপ্তাহজোৰা বিশেষ অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ ৰাজ্যৰ প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিককে ক’ভিড ভেক্‌চিন প্ৰদান কৰিবৰ বাবে স্বাস্থ্য বিভাগে আৰম্ভ কৰা এই অভিযানত সকলো মন্ত্ৰী-বিধায়কে সহযোগ কৰিছে৷ লক্ষণীয় যে অসমৰ সকলো যোগ্য ব্যক্তিৰ এশ শতাংশ প্ৰথম পালি ভেক্‌চিন সম্পূৰ্ণ কৰাৰ বাবে ‘হৰ ঘৰ দস্তক’ নামেৰে ৩০ নৱেম্বৰৰ পৰা প্ৰতিটো সমষ্টিতে ভোটাৰ তালিকাক ভিত্তি কৰি বিশেষ অভিযান আৰম্ভ কৰা হৈছে৷ এই অভিযানৰ সময়ত আনকি ভেক্‌চিন ল’বলৈ অনিচ্ছুক ব্যক্তিকো বুজাই-বঢ়াই ভেক্‌চিন লোৱাৰ বাবে মান্তি কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ অহা ৫ ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি বৃহৎ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ কাৰ্যসূচী হাতত লোৱা হৈছে এই ‘হৰ ঘৰ দস্তক’ অভিযানেৰে৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভোটাৰ তালিকাৰ ভিত্তিত প্ৰতিজন ভোটাৰৰ ভেক্‌চিন গ্ৰহণ নিশ্চিত কৰাৰ বাবেও চেষ্টা কৰা হৈছে এই অভিযানৰ জৰিয়তে৷ এই সপ্তাহজোৰা অভিযানত স্বাস্থ্য বিভাগৰ লগতে অন্যান্য বিভাগৰ প্ৰায় ১ লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীক নিয়োজিত কৰাৰ কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ অভিযানত নিয়োজিত সকলো কৰ্মচাৰীয়ে ৰাজ্যখনৰ ২৮২০৫তকৈ অধিক ভোটকেন্দ্ৰৰ অধীনত ঘৰে ঘৰে জৰীপ কৰি প্ৰতিষেধক লোৱাৰ কথা নিশ্চিত কৰাৰ লগতে যোগ্য ব্যক্তিক ঠাইতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে এই মহা অভিযানত অসমৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ, মুখ্য সচিবকে প্ৰমুখ্য কৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গ, প্ৰতিটো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here