তিতা হ’লেও শীতৰ দিনকেইটাত পুৱাই কেৰেলাৰ জুচ খাওক ||Take bitter gourd juice in the morning in winter even though it is bitter

0
311

শীতৰ দিনকেইটা এনেকুৱা সময়, য’ত ভাইৰেল ইনফেক্‌শ্যন, এলাৰ্জি, কাহ, চৰ্দি আদিৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাৰ শৰীৰটোক ভাল যতনৰ প্ৰয়োজন হয়৷ অকল এয়াই নহয়, শৰীৰৰ শক্তি ধৰি ৰখা, শৰীৰ গৰম কৰি ৰখা আদিৰ বাবেও আপোনাৰ দেহত পুষ্টিৰ প্ৰয়োজন হয়৷ গতিকে আপুনিও যদি শীতৰ বতৰত এনেধৰণৰ সমস্যাত পৰিছে, তেন্তে পুৱাই কেৰেলাৰ জুচ খোৱাৰ অভ্যাস কৰক৷

Bitter Gourd Juice Recipe / Bitter Melon (Karela) Juice Recipe - Diabetic Juice Recipes - Yummy Tummy


*লগতে শীতৰ সময়ত বিভিন্ন ধৰণৰ ভজা-পোৰা আদি খাদ্য খাই থকা হয়৷ যাৰ ফলত এটা সময়ত গেছ, বদহজম আদি সমস্যাই দেখা দিয়ে৷ সেয়েহে কেৰেলাৰ জুচ খালে ই লিভাৰ পৰিষ্কাৰ কৰি হজম শক্তি বঢ়োৱাৰ লগতে গেছ, বদহজমৰ সমস্যাও নিৰাময় কৰে৷


*একেদৰে শীতত হোৱা মাঘ বিহুৰ সময়ত পিঠা-পনা, লাড়ু, গৰম গৰম গুৰৰ মিঠাই আদি বিভিন্ন মিঠাজাতীয় খাদ্য খোৱাৰ পৰা আমি নিজকে বাধা দিব নোৱাৰোঁ৷ সেয়েহে এনে সময়ত যদি পুৱাই এগিলাচ কেৰেলাৰ জুচ খায়, তেন্তে ৰক্ত শৰ্কৰাৰ পৰিমাণ বহুখিনি নিয়ন্ত্ৰণত থাকে৷


*ইয়াৰ লগতে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰি তেজ পৰিষ্কাৰ কৰাটো কেৰেলাৰ জুচে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে পুৱাই খালী পেটত এগিলাচ কেৰেলাৰ জুচ খোৱাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here