অনিমেষ আমাক ক্ষমা কৰা, আমি তোমাক ৰক্ষা নকৰিলোঁ || Animesh, forgive us, we couldn’t save you

0
360

ৰাজ্যত পুনৰ মানৱতাৰ স্খলন ঘটিল৷ যোৰহাটত ঘটা ঘটনাটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহে কিদৰে উন্মাদ হৈ উন্মত্ত ৰূপ ধাৰণ কৰিব পাৰে৷ প্ৰায় চাৰে তিনি বছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নীল-অভি হত্যাকাণ্ডৰ দুঃসহ স্মৃতি কঢ়িয়াই লৈ ফুৰাৰ সময়তে পুনৰ নিজৰ ঠাইতে এজাক দুৰ্বৃত্তৰ উন্মাদনাৰ বলি হ’ল খোদ এজন অসমীয়া যুৱক৷ ঘটনাটো থূলমূলকৈ এনেধৰণৰ– যোৱা ২৯ নৱেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱৰ ১নং খকন্দগুৰি গাঁৱৰ বাসিন্দা তথা ব্ৰহ্মপু্‌ত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই দুই বন্ধুৰ সৈতে ব্যৱসায়ৰ সংক্ৰান্তত যোৰহাটলৈ আহিছিল৷ যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত তেওঁলোকে গাড়ীখন পাৰ্কিং কৰে৷ তেনেতে এজন বয়োজ্যেষ্ঠ স্কুটী আৰোহীক সহায় কৰিবলৈ গৈ দুৰ্ভাগ্যক্ৰমে নৰপিশাচৰ বলি হ’বলগীয়া হয় অনিমেষ ভূঞা নামৰ ছাত্ৰনেতাজনৰ লগতে লগৰ বন্ধু দুজন৷ জনা মতে স্কুটী আৰোহীজন মদমত্ত অৱস্থাত আছিল আৰু তেওঁ মিছাতে দোষী সজাই চিঞৰ-বাখৰ আৰম্ভ কৰে৷ বৃদ্ধজনৰ চিঞৰত তাত অসংখ্য মানুহ গোট খাই কোনোধৰণৰ প্ৰশ্ন নকৰি অনিমেষহঁতক আক্ৰমণ কৰে৷ দলটোৰে আক্ৰমণে এনে পায় যে এই নৃশংস, বৰ্বৰোচিত আক্ৰমণত ঘটনাস্থলীতে প্ৰাণ বায়ু উৰি যায় অনিমেষৰ৷

How Did Animesh Bhuyan Died, What Happened With Him Death Reason And Cause Explained!

এইদৰে পুনৰ মানুহৰ জিঘাংসাৰ বলি হ’ল এজন অসমীয়া যুৱক৷ এই ঘটনা প্ৰত্যক্ষ কৰা কোনো এজনেও কিন্তু উক্ত আক্ৰমণৰ বিৰোধ নকৰি কেৱল নীৰৱ দৰ্শক হৈ ৰয়৷ মূল কথাটো হ’ল ইমান মানুহ থকাৰ পাছতো কোনো এজনেও তেওঁক বচাবলৈ চেষ্টা নকৰিলে কিয় বা কিয় জনাৰ চেষ্টা নকৰিলে ঘটনাৰ মূল কথা? কিয় ঘটনাৰ আঁতিগুৰি নজনাকৈ অনিমেষহঁতৰ ওপৰত জঁপিয়াই পৰিল একাংশ লোক৷ আনহাতে অনৱৰতে পুলিচ প্ৰশাসনে গিজগিজাই থকা চহৰৰ মাজমজিয়াতে ঘটা এই নিৰ্দয় আক্ৰমণ কেনেকৈ সংঘটিত হ’বলৈ পালে? এতিয়া এইধৰণৰ নানানটা প্ৰশ্নৰ উদয় হৈছে জনতাৰ মনত৷ আনহাতে মদ্যপান কৰি থকা আক্ৰমণকাৰীৰ দলটোৰ মূল খলনায়ক বৃদ্ধজনৰ পুত্ৰ নীৰজ দাস ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ কাঢ়ি নিয়া আদিকে ধৰি একাধিক গোচৰত দোষী৷

Main accused in Animesh Bhuyan mob lynching case Kala Gunda aka Niraj Das arrested - Prag News

এতিয়া কথা হ’ল আমি আৰু কিমান নীল-অভি, অনিমেষক হেৰুৱাম৷ ইয়াৰ চিন্তা কৰাৰ সময় সমাগত৷ আজিৰ সমাজ ব্যৱস্থাত যেন মানৱীয়তা গুণ নোহোৱা হৈছে, দয়া-ক্ষমা গুণ হেৰাই হৈছে৷ বৰ্তমান যুগত উঠি অহা যুৱপ্ৰজন্ম মদ, ভাং, ড্ৰাগছৰ প্ৰতিহে যেন বেছি আকৰ্ষিত হৈছে, তেনে ধাৰণা হয়৷ মানুহৰ মাজত সহ্য গুণ নোহোৱা হৈছে৷ মানৱ সমাজত বিচাৰ-বিবেচনাৰ অভাৱ হৈছে, অলপতে খং উঠা আদি উপসৰ্গই গা কৰি উঠিছে৷ আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক– এই কথাষাৰ আমি মৰ্মে মৰ্মে উপলব্ধি কৰি যুৱ প্ৰজন্মক এই কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে৷ সেয়েহে আহক, আজিৰ পৰা শিশুৰ ভৱিষ্যৎ গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ৷ কাৰণ সমাজখন নিকা-সৰ্বাংগসুন্দৰ কৰাৰ দায়িত্ব আপোনাৰ, মোৰ– আমাৰ সকলোৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here