দ্বিতীয়বাৰৰ বাবে বিদেশলৈ ৰপ্তানি ৰাজ্যৰ ৰঙা বাও চাউল

0
137

মাজুলীৰ বিশুদ্ধ প্ৰাকৃতিক পৰিৱেশত বিশেষকৈ কোনোধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক ব্যৱহাৰ নকৰাকৈ কৰা বাওধান আজিৰ দিনত মাজুলীৰ ঐশ্বৰ্য
ৰূপে বিবেচিত হৈছে৷ Agri Industry  Research pvt.Ltd নামৰ এটা কোম্পানীয়ে  মাজুলীৰ ৰঙা বাও চাউল মাজুলীৰ পৰা নি ছিংগাপুৰ, চৌডি আৰব, কুৱেটকে ধৰি বহুকেইখন আৰবীয়ান দেশত বিক্ৰীৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷ এই উপলক্ষে মাজুলী জিলা প্ৰশাসন, মাজুলী জিলা কৃষি বিভাগ, এপাৰ্ট আৰু মাজুলী জেংৰাইমুখ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত মাজুলীৰ জেংৰাইমুখত অনুষ্ঠানত বিছ কুইণ্টল ৰঙা বাও চাউল পৰিবহণ কৰা বাহনৰ ফ্লেগ অফ কৰি কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত বিপুল দাসে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি পৰামৰ্শদাতা, প্ৰাক্তন যুটীয়া সঞ্চালক ড॰ ইমৰান হুছেইনে কয় যে কৃষকসকলেই মাজুলীক কৃষিৰ ক্ষেত্ৰত নিশ্চিতভাৱে দেশৰ ভিতৰতে শিখৰলৈ নিব  পাৰিব৷ এই ক্ষেত্ৰত কৃষকক সহায়ৰ বাবে কৃষি বিষয়াসকলৰ দুৱাৰখন সদায় খোলা আছে৷ 
তেওঁ আৰু কয়, এই সময়খিনিয়েই উৎপাদনৰ বাবে মাজুলীৰ কাৰণে উপযুক্ত সময়৷ মাজুলী জিলা কৃষি বিষয়াই ৰঙা বাও মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰি কয়, বিদেশেই নহয় দেশৰ ভিতৰতো ইয়াৰ যথেষ্ট চাহিদা আছে৷ বিদেশী বৃহৎ কোম্পানীবোৰে যথেষ্ট পৰীক্ষা-নিৰীক্ষা কৰিহে মাজুলীৰ ৰঙা চাউলত গুৰুত্ব প্ৰদান কৰিছে৷ বিশেষকৈ প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰন থকা,  প্ৰকৃতি নিৰ্ভৰ আৰু কোনো ৰাসায়নিক, কীটনাশক বা বননাশক প্ৰয়োগ নকৰা এই ৰঙা বাও চাউলৰ গুণাগুণ কেতিয়াও হ্ৰাস নাপায়৷ বিদেশী ৰাষ্ট্ৰত ইয়াৰ পৰা অধিক দাম পোৱাৰ লগতে  মাজুলী, অসম তথা ভাৰতৰ নাম উজলি থাকিব৷  মাজুলী জেংৰাইমুখ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কৃষক গোটত পাঁচশৰো অধিক  কৃষক জড়িত হৈ আছে৷ ৰঙা চাউলৰ সমান্তৰালকৈ পৰ্যায়ক্ৰমে সৰিয়হৰ তেল, গুৰ, নহৰু আৰু উখোৱা চাউল, নেমু আদিও বিদেশলৈ ১৫ানি কৰি কৃষকসকলক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা চলি থাকিব বুলি কোম্পানীটোৰ লোকে সংবাদ মাধ্যমক অৱগত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here