আমেৰিকাত পক্ষী-জ্বৰ! বিশ্বআকৌ অতিমাৰীৰ সন্মুখীন হ’ব নেকি?

0
228


শেহতীয়াভাৱে সমগ্ৰ বিশ্বত Bird flu বা পক্ষী জ্বৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ পক্ষী জ্বৰৰ এই প্ৰভাৱ মানৱ সমাজত পৰিব বুলি চিকিৎসা বিশেষজ্ঞসকলে আশংকা ব্যক্ত কৰিছে৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা ইউ এছ এ টুডেৰ প্ৰতিবেদন অনুসৰি বৰ্তমান Bird flu-ৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এইদৰে Bird flu-ৰ সংক্ৰমণ অব্যাহত থাকিলে ভৱিষ্যতে মানৱ সমাজত অতিমাৰীৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক৷ মাৰ্কিন সংবাদ মাধ্যমত কৰ্নেল বিশ্ববিদ্যালয়ৰ অতিমাৰী প্ৰতিৰোধ কেন্দ্ৰৰ সঞ্চালক ডাঃ জয় বাৰ্মাই কয় যে ২০০৯ চনৰ পৰা সমগ্ৰ বিশ্বতে Bird flu-ৰ সংক্ৰমণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ২০২০ চনত ২.৩.৪.৪বি ভাইৰাছবিধৰ উত্থান ঘটিছিল আৰু পৰিভ্ৰমী চৰাইৰ জৰিয়তে আফ্ৰিকা, এছিয়া তথা ইউৰোপীয় দেশসমূহলৈ প্ৰসাৰ ঘটাইছিল৷ আনহাতে ২০২১ চনৰ শেষৰফালে এইচ ৫ এন ১ ভাইৰাছৰ সৃষ্টি হৈ এই ভাইৰাছে উত্তৰ আমেৰিকাত প্ৰৱেশ কৰে৷ এইদৰে বিভিন্ন সময়ত নানা প্ৰকিৃতৰ ভাইৰাছৰ উৎপত্তি হৈ পৃথিৱীৰ পক্ষীকুলৰ মাজত সন্ত্ৰাস চলাবলৈ ধৰে৷ মাৰ্কিন কৃষি বিভাগে সদৰী কৰা মতে চলিত সপ্তাহতে আমেৰিকাৰ ৪৭খন প্ৰদেশত হাজাৰ হাজাৰ পক্ষী fluত আক্ৰান্ত হৈছে৷ জনা মতে সপ্তাহটোত ৬২০০ বনৰীয়া পক্ষী Bird flu-ত আক্ৰান্ত হৈছে৷ এইদৰে হোৱা পক্ষী জ্বৰ প্ৰতিৰোধৰ ব্যৱস্থা নল’লে আন বন্যপ্ৰাণীসমূহলৈও ইয়াৰ সংক্ৰমণ ঘটিব৷ পাছত পৰ্যায়ত মানৱ সমাজলৈ এই Bird flu-ৰ প্ৰসাৰিত হ’লে ভৱিষ্যতে আকৌ এক অতিমাৰীৰ সন্মুখীন হোৱাৰ দিশে গতি কৰিছে সমগ্ৰ বিশ্ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here