গাহৰিৰ কৃত্ৰিম প্ৰজননৰ নতুন যন্ত্ৰ পিগীফ্লাস্ক উদ্ভাৱন

0
1097

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা গাহৰি পালকৰ বাবে অধিক লাভজনক হোৱাৰ দিশৰ আশাৰ বতৰা কঢ়িয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ে৷ গাহৰি পালকসকলক সকাহ দিবলৈ বিশ্ববিদ্যালয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে এক অভিনৱ প্ৰযুক্তিৰ যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে, যাৰ জৰিয়তে অধিক লাভৱান্বিত হ’ব পাৰিব গাহৰি পালকসকল৷ 
পিগীফ্লাস্ক নামৰ এই যন্ত্ৰৰ জৰিয়তে থলুৱা গাহৰিৰ কৃত্ৰিম প্ৰজনন সুকলমে সম্পন্ন কৰিব পৰা যাব৷ ফলত পূৰ্বতকৈ অধিক লাভৱান্বিত হ’ব পাৰিব গাহৰি পালকসকল৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এদল গৱেষক বিজ্ঞানীয়ে গৱেষণাৰ জৰিয়তে এই সাফল্য লাভ কৰিছে৷
এই বিষয়ে জানিবলৈ দি বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুৰব্বী তথা এই প্ৰকল্পৰ সঞ্চালক অধ্যাপক ড॰ নগেন্দ্ৰ নাথ বৰ্মনে কয় যে গাহৰিৰ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা এই যন্ত্ৰৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হ’ব৷ 
সাধাৰণতে নিম্ন উষ্ণতাত সংৰক্ষণ কৰি ৰখা শুক্ৰাণু পালকৰ ওচৰত উপলব্ধ কৰোৱাত সমস্যা হয় আৰু উষ্ণতাৰ সামান্য তাৰতম্যৰ বাবে শুক্ৰাণুবোৰ নষ্ট হৈ গাহৰিৰ কৃত্ৰিম প্ৰজননত পালকসকল বিফল হয়৷ 
সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ডিবিটি-নিকেব্‌হ প্ৰকল্পৰ সৌজন্যত পিগীফ্লাস্ক নামৰ এই যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে৷ এই যন্ত্ৰৰ জৰিয়তে গাহৰিৰ শুক্ৰাণু প্ত ঘণ্টা পৰ্যন্ত সংৰক্ষণ কৰি এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পৰা পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here