সঠিকভাৱে গৱেষণা নকৰাকৈ শিশুৰ টিকাকৰণ কৰিলে ভয়াৱহ হ’ব

0
342
দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সঠিকভাৱে গৱেষণা নকৰাকৈ শিশুক কৰ’নাৰ টিকাকৰণ কৰিলে ইয়াৰ ফল ভয়াৱহ হ’ব পাৰে৷ শিশুৰ বাবে কৰ’না ভাইৰাছৰ ভেক্‌চিনৰ গৱেষণা নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আৱেদনত আপত্তি জনাই আদালতে এনেদৰে কয়৷ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে কয় যে যদি সঠিকভাৱে গৱেষণা নকৰাকৈ শিশুক ভেক্‌চিন দিয়া হয় তেতিয়াই এক বিপজ্জনক কথা হ’ব৷ আৱেদনকাৰীসকলৰ হৈ আদালতত অধিবক্তা কৈলাস বাসুদেৱে এই বুলি যুক্তি দিয়ে যে শিশুৰ ভেক্‌চিনৰ পৰীক্ষা কেতিয়া শেষ হ’ব তাৰ এক নিৰ্দিষ্ট সময়সীমা হ’ব লাগে৷ ন্যায়ালয়ে তেতিয়া এইবুলি সতৰ্ক কৰি দিয়ে যে এনেধৰণৰ যুক্তি দিলে আদালতে বিষয়টো নিষ্পত্তি কৰিব আৰু গৱেষণাৰ বাবে কোনো সময়সীমা নাথাকিব৷ ইফালে আদালতত দাখিল কৰা এখন শপতনামাত কেন্দ্ৰীয় চৰকাৰে কয় যে ১৮ বছৰৰ কম বয়সৰ শিশুৰ বাবে কৰ’নাৰ ভেক্‌চিনৰ পৰীক্ষা চলি আছে আৰু এই পৰীক্ষা শেষ হোৱাৰ দিশত আগবাঢ়িছে৷ চৰকাৰে লগতে এইবুলিও কয় যে ইয়াৰ বাবে নীতি প্ৰস্তুত কৰা হ’ব আৰু বিশেষজ্ঞই অনুমোদন জনোৱাৰ পাছতহে শিশুৰ টিকাকৰণৰ অনুমতি দিয়া হ’ব৷ কেন্দ্ৰীয় চৰকাৰে শপতনামাত জনোৱা মতে ফাইজাৰৰ ভেক্‌চিন অচিৰেই ১২-১৮ বছৰৰ শিশুৰ বাবে পোৱা যাব৷ ফাইজাৰে শিশুক লৈ কৰা পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু এতিয়া অনুমতি বিচৰাৰ প্ৰক্ৰিয়া চলি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here