আপোনাৰ শিশুটিক ছানস্ক্ৰীন ব্যৱহাৰ কৰাওঁতে হওক সাৱধান

0
745
গৰমৰ দিনত বিশেষকৈ জুন-জুলাইত সূৰ্যৰ প্ৰখৰ তাপৰ বাবে ঘৰৰ পৰা ওলোৱাটোৱে কঠিন হয়৷ সেই কাৰণে সূৰ্যৰ প্ৰখৰ তাপে যাতে আমাৰ ছালখনৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে বহুতেই বাহিৰলৈ ওলোৱাৰ আগতে ছানস্ক্ৰীন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে৷ ডাঙৰৰ দৰে শিশুসকলৰ বাবেও বিভিন্ন প্ৰকাৰৰ ছানস্ক্ৰীন বজাৰত উপলব্ধ৷ কিন্তু এই ছানস্ক্ৰীনসমূহত কিছুমান কেমিকেল থাকে, যিবোৰ শিশুৰ কোমল ছালৰ বাবে উপযুক্ত নহয়৷

(১) সকলো ধৰণৰ ছানস্ক্ৰীনত Oxybenzone নামৰ এবিধ কেমিকেল থাকে৷ এইবিধ উপাদান অতি সোনকালে ছালৰ লগত মিলি যায়৷ যিহেতু শিশুৰ ছাল অতি কোমল হয়, ইয়াৰ ফলত খৰ-খজুৱতি আদি বিভিন্ন ধৰণৰ ছালৰ সমস্যাই দেখা দিব পাৰে৷


(২) ছানস্ক্ৰীনত থকা Octinoxate নামৰ কেমিকেলবিধে ফ্ৰী ৰেডিকেল উৎপন্ন কৰে, যাৰ বিৰূপ প্ৰভাৱ শিশুৰ ছাল আৰু কোষত পৰে৷

Baby & Toddler Eczema - Symptoms, Treatment & Relief | CeraVe


(৩) Retinyl palmitate আৰু Homosalate কেমিকেলে DNAক প্ৰভাৱিত কৰিব পাৰে আৰু ইয়াৰ ফলত ছালৰ টিউমাৰ, কেঞ্চাৰ আদি হ’ব পাৰে৷


(8) NCBI অনুসৰি শিশুৰ ছানস্ক্ৰীনত Oxybenzone আৰু Octocrylene থাকিব নালাগে৷ কিয়নো এই কেমিকেলসমূহক ৰক্তবাহিকাই অতি সহজে শুহি ল’ব পাৰে, যাৰ ফলত ছালৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে৷


গতিকে শিশুৰ বাবে ছানস্ক্ৰীন কিনোতে এইবোৰ উপাদান নথকা ছানস্ক্ৰীনহে কিনিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here