ভাৰতত তৃতীয় ঢৌ আগষ্টৰ শেষৰ পৰা: ICMR

0
2192
ভাৰতত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ আগষ্টৰ শেষৰ ফালৰ পৰা আৰম্ভ হ’ব পাৰে৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMRৰ মহামাৰী বিজ্ঞান বিভাগৰ মুৰব্বী সমীৰণ পাণ্ডাই এই সতৰ্কবাণী শুনাইছে৷ তেওঁ কয় যে ভাৰতত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ আগষ্টৰ শেষৰফালে অহাৰ সম্ভাৱনা আছে৷ কিন্তু ই দ্বিতীয়টো ঢৌৰ দৰে ভয়াৱহ নহ’ব৷ তেওঁ কৰ’নাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাটো প্ৰতিৰোধ কৰাৰ বাবে সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগোৱা অনুষ্ঠানসমূহ বাতিল কৰাত গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে এটা বিবৃতিত ভাৰতীয় চিকিৎসা সন্থাই এইবুলি কৈছিল যে তৃতীয় ঢৌ অপৰিহাৰ্য আৰু আসন্ন৷ বিশ্বত মহামাৰীৰ ইতিহাস তথা প্ৰমাণৰ ভিত্তিত এই কথা ক’ব পাৰি যে যিকোনো মহামাৰীৰ তৃতীয় ঢৌ অপৰিহাৰ্য আৰু আসন্ন৷ পৰিতাপৰ কথাটো হ’ল দেশৰ বিভিন্ন অংশত চৰকাৰ আৰু জনসাধাৰণৰ উভয়ে আত্মসন্তুষ্টি লাভ কৰি আছে আৰু কভিড নিয়ম নমনাকৈ ৰাজহুৱাভাৱে মিলিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here