আপোনাৰ ফ্ৰীজটো কেনেদৰে চাফা কৰিব? How to clean your fridge?

0
547
আজিকালি ঘৰত ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত ফ্ৰীজটো অন্যতম৷ শাক-পাচলি, মাছ-মাংস আদি সকলোবোৰ বহুদিন বেয়া নহ’বলৈ ফ্ৰীজত ৰখা হয়৷ এইদৰে খাদ্যবস্তু ফ্ৰীজত ৰখাৰ ফলত ফ্ৰীজটো লেতেৰা হয় লগতে খাদ্যবস্তু বেছিদিন ৰাখিলে তাত বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে৷ তেনে খাদ্যবস্তু খোৱাৰ বাবে অনুপযোগী হয়৷ গতিকে খাদ্যবস্তু ৰখাৰ পাছত ফ্ৰীজটো পৰিষ্কাৰ ৰখাটো অত্যন্ত আৱশ্যক৷ ঠিকমতে ফ্ৰীজ পৰিষ্কাৰকৈ নাৰাখিলে ইয়াত থকা খোৱা সামগ্ৰীৰ দ্বাৰা ৰোগৰ সৃষ্টি হৈ আমাৰ বিপদহে ঘটাব পাৰে৷ সেয়েহে জানো আহক কিদৰে ফ্ৰীজ পৰিষ্কাৰকৈ ৰাখিব৷

(১) ফ্ৰীজ পৰিষ্কাৰ কৰাৰ আগতে ইয়াৰ বিদ্যুৎ সংযোগ বন্ধ কৰি দিব লাগে৷


(২) ফ্ৰীজত থকা খাদ্য সামগ্ৰীবোৰ ভিতৰৰ পৰা উলিয়াই দি ফ্ৰীজৰ ভিতৰখন খালী কৰিব দিব৷


(৩) ফ্ৰীজ চাফা কৰিবলৈ ঘৰতে এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ ইয়াৰ বাবে এটা পাত্ৰত পৰিষ্কাৰ পানী লৈ তাত একাপ এম’নিয়া, আধাকাপ ভিনেগাৰ, আধা কাপ বেকিং ছ’ডা লৈ এটা মিশ্ৰণ তৈয়াৰ কৰক৷

Don't Mix Baking Soda and Vinegar for Cleaning | Apartment Therapy


(8) অলপ কপাহ বা চাফা কাপোৰেেৰ এই মিশ্ৰণটো লৈ ফ্ৰীজৰ ভিতৰখনৰ চাৰিওফালে ভালদৰে ঘঁহি দিয়ক৷ ইয়াৰ কিছু সময় পাছত এখন শুকান কাপোৰেৰে ভিতৰফাল মচি দিয়ক৷

How to Clean a Refrigerator


(৫) ফ্ৰীজৰ আইচ কেবিনত থকা পুৰণি বৰফৰ টুকুৰাবোৰ পেলাই দিব৷ চাফা হোৱাৰ পাছত ট্ৰেখন ভালদৰে মচি ট্ৰেখনত পৰিষ্কাৰ পানী দি থ’ব পাৰে৷

13 Ice Cube Tray Hacks That'll Blow Your Mind | Eat This Not That


(৬) কেতিয়াবা ফ্ৰীজৰ ভিতৰত খোৱা খাদ্যৰ দাগ লাগিব পাৰে৷ তেনে ক্ষেত্ৰত দাঁত ঘঁহা মলমেৰে দাগ হোৱা ঠাইখিনি ভালদৰে ঘঁহিলে দাগ নাইকিয়া হয়৷ পাছত পৰিষ্কাৰ পানীৰে ঠাইখিনি ধুই দিব লাগে৷

Cleaning: Three ways you can use toothpaste to clean your home - expert advice | Express.co.uk


(৭) ফ্ৰীজটো সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰাৰ পাছত কিছু সময়ৰ বাবে ফ্ৰীজৰ দুৱাৰখন মেলি থ’ব লাগে, যাতে ভিতৰখন সম্পূৰ্ণ শুকাই যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here