আয়ুৰ্বেদ অনুুসৰি সুস্থ জীৱন-যাপনৰ বাবে কি কৰিব ? What does Ayurveda recommend for a healthy lifestyle?

0
893

প্ৰত্যেকেই অন্ততঃ জীয়াই থকাৰ দিনকেইটাত এটা সুস্থ জীৱন-যাপন কৰিবলৈ বিচাৰে৷ এই ক্ষেত্ৰত আয়ুৰ্বেদ শাস্ত্ৰৰ কিছুমান নিয়মে আপোনাক সুস্থ জীৱন অতিবাহিত কৰাৰ লগতে দীৰ্ঘায়ু কৰাটো অৰিহণা যোগাব পাৰে৷ প্ৰাচীন কালত ঋষি-মুনিসকলে এনে কিছুমান নিয়ম মানিয়েই শৰীৰ সুস্থ ৰখাৰ লগতে দীৰ্ঘদিন জীয়াই আছিল৷ আপুনিও এনে কিছুমান নিয়ম মানি শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিব পাৰে৷


(১) আয়ুৰ্বেদ অনুসৰি দৈনিক সূৰ্য উদয় হোৱাৰ এঘণ্টা আগত শোৱাপাটী এৰিব লাগে৷

Sunrise: 20 Great Benefits of Wake Up Before Sunrise


(২) শুই উঠিয়েই পানী খোৱাটো অতি জৰুৰী৷ মনত ৰাখিব পানীখিনি যাতে বেছি ঠাণ্ডা নহয় আৰু ৰাতিয়েই তামৰ পাত্ৰত ৰখা পানী হোৱা উচিত৷

Health Benefits Of Drinking Water In Copper Vessels


(৩) চকু দৈনিক ঠাণ্ডা পানী বা ত্ৰিফলা পানীৰে চাফা কৰিব লাগে৷

TRIPHALA WATER FOR HEALTHY EYES


(8) দাঁত, আলু, মাংসপেশী মজবুত কৰি ৰাখিবলৈ অইল পুলিং কৰা উচিত৷ লগতে নিমৰ ঠাৰিৰে দাঁত মাজিলে দাঁত চাফা হোৱাৰ লগতে দুৰ্গন্ধও নাইকিয়া হয়৷

Why Indians Chew Neem Sticks: Benefits Of Brushing With A Neem Stick - Boldsky.com


(৫) দৈনিক নাকত দুটোপালকৈ সৰিয়হৰ তেল নাইবা গৰুৰ ঘিউ দিলে নাকৰ বিভিন্ন সমস্যা, চাইনাচ, মানসিক বিকাশ, ভাল টোপনি অহাৰ লগতে চুলিৰ অকালপক্বতা দূৰ হয়৷

Nasya Chikitsa in Ayurveda | Panchakarma


(৬) নিতৌ শৰীৰত তেলেৰে মালিচ কৰিলে স্নায়ুসমূহে আৰাম পায় আৰু শৰীৰটো কাৰ্যক্ষম হৈ উঠে৷

Spa Woman Oil Leg Massage Therapy Treatment Body Skin Care Stock Photo - Download Image Now - iStock


(৭) ব্যায়াম বা শৰীৰচৰ্চাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ টক্সিন বাহিৰ কৰি শৰীৰটোক ৰোগমুক্ত কৰি ৰাখে৷
ব্যায়াম কৰাৰ আধা ঘণ্টাৰ পাছতহে স্নান কৰিব লাগে৷

Yoga for Weight Loss: 9 Asanas to Help You Lose Weight


(৮) আয়ুৰ্বেদ অনুসৰি নিশা পাতল খাদ্য খোৱা উচিত৷ লগতে ৮ বজাৰ আগতে ভোজন কৰিলে অতি উত্তম৷

Blog - Light dinner: Benefits and ingredients that you should include at dinner time


(৯) ৰাতি সোনকালে টোপনি যোৱা শৰীৰৰ কাৰণে ভাল৷ অৱশ্যে দিনত টোপনি যোৱা উচিত নহয়৷

12 Benefits of Sleeping Early Your Mom Didn't Know About | Actforlibraries.org


(১০) সদায় সতেজ আৰু বতৰৰ ফল, পাচলি আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত৷ আদা, হালধিৰ দৈনিক সেৱনে পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰাখে৷

Barman Vegetables | Home delivery | Order online | GMC markrt Beltola Guwahati

LEAVE A REPLY

Please enter your comment!
Please enter your name here