ঘিউৰে সমাধান কৰিব পাৰে চুলিৰ হাজাৰ সমস্যা

0
42


ঘিউ আমাৰ সকলোৰে প্ৰিয়৷ পুৱাই গৰম গৰম ভাতৰ সৈতে আলু পিটিকাত ঘিউ দি খোৱাসাঁজৰ কথা বাৰু কোনে পাহৰিব৷ ইমান সুস্বাদুৰে ভৰা ঘিউ আমাৰ স্বাস্থ্যৰ পক্ষে অতি লাগতিয়াল৷ ঘিউৱে শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰি শৰীৰৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ কিন্তু আপুনি জানেনেষ অকল খাদ্য হিচাপেই নহয়, ঘিউক ৰূপচৰ্চাৰ প্ৰধান সামগ্ৰী হিচাপেও গণ্য কৰা হয়৷ অৰ্থাৎ সৌন্দৰ্যচৰ্চাত ঘিউৰ অৰিহণা অতুলনীয়৷ প্ৰদূষণৰ কাৰণে চুলিৰ ইয়াৰ সৌন্দৰ্য হেৰুৱাই পেলাইছে, বিভিন্ন কাৰণত চুলিৰ নানা সমস্যাই দেখা দিছে, চুলি ৰুক্ষ তথা ড্ৰাই হৈ চুলিৰ উজ্জ্বলতা আৰু কোমলতা ম্লান হৈ পৰিছে৷ ইয়াৰ তৎকালে আশু সমাধানৰ বাবে চুলিত ঘিউ লগাব পাৰে৷ চুলিৰ যত্নত ঘিউৰ আছে যথেষ্ট অৱদান তথা কাৰ্যকাৰিতা৷ চুলিৰ যত্নৰ বাবে ঘিউ কিদৰে লগাব৷ ইয়াৰ বাবে প্ৰথমে এটা কাচৰ সৰু পাত্ৰত দুচামুচমান ঘিউৰ সৈতে নাৰিকল তেল মিহলাই ল’ব৷ এতিয়া এই মিশ্ৰণটো সপ্তাহত এদিন চুলিখিনি ভালদৰে চুলিৰ গুৰি পোৱাকৈ সানি লওক৷ কিছু সময় আঙুলিৰে ঘঁহি তাৰ পাছত অলুপ সময় এনেকৈয়ে থৈ দিব৷ ইয়াৰ পাছত চুলিখিনি ভালদৰে ছেম্পু কৰি ধুই দিব৷ আজিকালি বহুতৰে কম বয়সতে চুলি পৰিবলৈ ধৰে৷ এই সমস্যাৰ নিৰাময়ৰ বাবে চুলিত ঘিউ লগাব পাৰে৷ ইয়াৰ বাবে এটা পাত্ৰত ঘিউ লৈ অলপ গৰম কৰি লৈ তাৰ পাছত ইয়াৰে চুলিখিনি ভালদৰে মাছাজ কৰক৷ সপ্তাহত এদিন এইদৰে কৰিলে সুফল পাব৷ অথবা আপোনাৰ চুলি সৰি পাতল হৈ গৈ আছে৷ এনে ক্ষেত্ৰত অলপ ঘিউ তাৰ সৈতে অলপমান নাৰিকল তেল মিহলাই চুলিখিনি লগালে চুলি সৰা বন্ধ হ’ব৷ ঘিউত থকা ফেটি এচিডে স্কাল্পক পু¸ষ্টি যোগান ধৰি চুলিৰ গুৰি ভিতৰৰ পৰা আদ্ৰৰ্ কৰি ৰাখে৷ যাৰ ফলত চুলিখিনি নৰম আৰু মসৃণ হৈ থাকে৷ ইয়াৰ কাৰণে চুলিৰ কোমলতা তথা উজ্জ্বলতা বৃদ্ধি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here