আপুনি নকল ঔষধ কেনেদৰে চিনিব? How to identify spurious medicine?

0
324
অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত ঔষধ অন্যতম৷ আজিকালি ইমানেই ৰোগৰ প্ৰকোপ বাঢ়িছে যে প্ৰায়ভাগ লোকৰে ঘৰখন এখন ফাৰ্মাচীৰ লেখীয়াই হৈছে৷ সকলো ধৰণৰ ঔষধ ঘৰত অতি সহজে পোৱাকৈ ৰখাটো নিয়মৰ দৰে হৈছে৷ এই ঔষধবোৰ সাধাৰণতে ফাৰ্মাচীৰ পৰা ক্ৰয় কৰা হয়৷ সেয়েহে আপুনি ঔষধ ক্ৰয় কৰোঁতে অতি সাৱধান হওক৷ কিয়নো বৰ্তমান সময়তে বজাৰত বিভিন্ন নকল ঔষধৰ পয়োভৰ ঘটিছে৷ জানো আহক ঔষধ ক্ৰয় কৰাৰ সময়ত কিদৰে নকল ঔষধ চিনাক্ত কৰিব?

(১) ঔষধৰ পেকেটৰ গাত যি ছীল থাকে, ভালদৰে লক্ষ্য কৰক৷ ক’ৰবাত কিবা ভুল আছে নেকি৷ দৰকাৰ হ’লে একে কোম্পানীৰ অন্য এবিধ ঔষধৰ পেকেট আনি ছীলটো মিলিছেনে নাই চাই লওক৷ সন্দেহ হ’লে তেনে ঔষধ নিকিনিব৷


(২) আপোনাৰ যদি আগতেই সেই কোম্পানীৰ ঔষধ কিনা আছে, তেনে ঔষধৰ খালী পেকেট ক্ৰয় কৰাৰ সময়ত লগত নিব৷ ঔষধৰ ৰং, আকাৰ, গঠন আদি সূক্ষ্মভাৱে নজৰ দিয়ক৷ ঔষধৰ ভিতৰত ক’ৰবাত ভাঙিছে নেকি? কিবা দাগ আছে নেকি? বা বটলৰ ক্ষেত্ৰত নিৰ্দিষ্ট জোখতকৈ ঔষধৰ পৰিমাণ কমকৈ আছে নেকি আদিবোৰ লক্ষ্য কৰক৷

7 Medications That May Affect Blood Sugar Control in Diabetes | Everyday Health


(৩) দেশত পেনাছিয়াডটকম নামেৰে এটা বেৱছাইট আছে, যিটোৰ জৰিয়তে আপুনি ঔষধ নকল নে সঁচা তাৰ প্ৰামাণিক তথ্য পাব পাৰে৷


(8) এই ৱেবছাইটটোৰ অন্তৰ্ভুক্ত কোম্পানীৰ এটা কোড নম্বৰ থাকে৷ নম্বৰটো হৈছে ২৭৭৭৷ ইয়াত SMS পঠিয়ালে ঔষধ নকল নে আচল গম পাব পাৰি৷


(৫) ঔষধৰ দামৰ ওপৰতো ইয়াৰ আচল নকল চিনিব পাৰি৷ যিবোৰ ঔষধৰ দাম অতি কম বা কিছুমান একেজাতীয় ঔষধৰ দাম অত্যধিক বেছি, তাত সন্দেহ থাকে৷ একেটা ৰোগৰ ক্ষেত্ৰত একেটা ঔষধৰ দামৰ তাৰতম্য হ’লে সেই ঔষধ ক্ৰয় নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here