আদাৰ আছে আচৰিত ঔষধি গুণ : থাউকতে জানি থওক

0
580
সচৰাচৰ আমাৰ সকলোৰে ৰান্ধনীঘৰত আদা থাকেই৷ আদাক খাদ্যৰ সুস্বাদু বঢ়াবলৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ আদাৰ আছে বহুতো পুষ্টিগুণ৷ আদাই খাদ্যৰ সোৱাদ বঢ়োৱাৰ উপৰি আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধানত উল্লেখনীয় ভূমিকা পালন কৰে৷ আপুনি জানি আচৰিত হ’ব যে আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ আৰোগ্যত আদা অতি আৱশ্যক৷ জানো আহক কিধৰণে আদাই আমাৰ ৰোগৰ সমাধান দিয়ে৷

[১] আদাই জীৱাণুৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰে৷ আদাত থকা ৰাসায়নিক যৌগই শৰীৰৰ বিভিন্ন ক্ষতিকাৰক জীৱাণু ধবংস কৰিব পাৰে৷ আনকি আদাই RSV-ৰ দৰে ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে৷


[২] আদাত থকা এণ্টি বেক্টেৰিয়েল উপাদান মুখৰ স্বাস্থ্য ৰক্ষাৰ বাবে ভাল৷ আদাত জিঞ্জাৰোল নামৰ যৌগ থাকে, যিয়ে মুখৰ ক্ষতিকাৰক বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে৷


[৩] হঠাৎ বমি বমি ভাব হ’লে মুখত এটুকুৰা আদা ল’লে স্বস্তি পোৱা যায়৷ গেষ্ট্ৰিকৰ সমস্যাত আদাই মেজিকৰ দৰে কাম কৰে৷ আনকি কেম’থেৰাপিৰ কাৰণে শাৰীৰিক অসুস্থতা বা বমি বমি ভাব আদাই নিমিষতে নোহোৱা কৰিব পাৰে৷


[8] আদাত থকা পুষ্টিগুণে শৰীৰৰ যিকোনো ধৰণৰ বিষ-বেদনাদি দ্ৰুতভাৱে উপশম ঘটাব পাৰে৷ পেশীৰ বিষ, মূৰৰ বিষ আদিত আদা খালে ভাল ফল পোৱা যায়৷


[৫] আদাই শৰীৰত ইনছুলিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ সেয়েহে আদা খালে শৰীৰৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা সমতুল হৈ থাকে৷


[৬] মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বেথা দূৰ কৰাত আদাই সহায় কৰে৷


[৭] আদা এটা প্ৰদাহকাৰী উপাদান৷ বিশেষকৈ আথ্ৰাইটিছ আৰু অষ্টিঅ’আথ্ৰাইটিছ আদি নিৰাময়ত আদাই দুৰ্দান্ত কাৰ্যকৰীৰূপে কাম কৰে৷


[৮] আদাই বদহজমৰ সমস্যাৰ পৰা শৰীৰক ৰক্ষা কৰিব পাৰে৷ আদা খালে হজম শক্তি বৃদ্ধি হয়৷ ফলত কোষ্ঠকাঠিন্য, এচিডিটি আদি সমস্যা দূৰ হয়৷


[৯] আদাত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ DNA-ৰ ক্ষতি প্ৰতিৰোধ কৰে৷ সেয়ে আদাই উচ্চ ৰক্তচাপ, হাঁওফাঁওৰ বেমাৰ, হৃদৰোগ আদিৰ বিৰুদ্ধে যুঁজ দিয়াত কাৰ্যকৰী৷


[১০] LDL কলেষ্টৰেল শৰীৰৰ বাবে ক্ষতিকাৰক৷ এক গৱেষণা মতে দৈনিক ৫ গ্ৰাম আদা খালে এই LDL কলেষ্টৰেল কমাই ৰখাত সহায় কৰে৷


[১১] আদাত থকা জৈৱ সক্ৰিয় অণুই কেঞ্চাৰ, গেষ্ট্ৰিক, ডিম্বাশয়, লিভাৰ, ছাল, স্তন, প্ৰ’ষ্টেট কেঞ্চাৰ আদিৰ বৃদ্ধি বাধা দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here